ধেমাজি, অংকুৰ নৰহ: ধেমাজিৰ জোনাইত সোমবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। সানি খুচি হত্যা কৰি ৰাস্তাত পেলাই থৈ যোৱা এটা মৃতদেহক কেন্দ্ৰ কৰি জোনাই চৰহৰত আজি চাঞ্চল্যৰ সৃষ্টি হয়।
জানিব পৰা মতে জোনাই জোনকাৰেং জোনবৰৰ এজন যুৱকক কালি নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে সানি খুচি হত্যা কৰেl
জোনাই সদৰৰ উদয়পুৰ ৰোডত অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আঘাত কৰি হত্যাকাণ্ড সংগঠিত কৰি পেলাই থৈ যায় যুৱকজনকl
নিহত যুৱকজন জোনাই জোনকাৰেং জোনবৰৰ ১৮ বছৰীয়া কালিঙ ময়ং বুলি জানিব পৰা গৈছেl নিশা প্ৰায় এক বজাত উক্ত হত্যাকাণ্ডটো সংগঠিত হোৱাৰ সন্দেহ কৰা হৈছেl
ঘটনাৰ খবৰ লাভ কৰি স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে পেৰণ কৰাৰ লগতে দোষীক বিচাৰি তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক – ধুলা হত্যাকাণ্ড: অতিৰিক্ত আৰক্ষী অধীক্ষকসহ তিনি চিকিৎসকক গ্ৰেপ্তাৰ