গুৱাহাটী: মন্দিৰ নহয় এইবাৰ মহাগনৰীৰ মছজিদত সংঘটিত হয় চুৰিকাণ্ড। বৃহস্পতিবাৰে নিশা মহানগৰীৰ দক্ষিনগাঁৱৰ শ্বাহী জামে মজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে প্ৰায় ২৫ হেজাৰ টকা।
চি চি টি ভি কেমেৰাত বন্দী হৈ ৰ’ল চুৰি কাৰ্যৰ ভিডিঅ’।
মছজিদৰ ইমাম মফিদুল ইছলামে জনোৱা মতে চোৰে তলা ভাগি লুটি নিলে দানপাত্ৰৰ ধন।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও দক্ষিনগাঁও শ্বাহী জামে মছজিদত চোৰে সংঘটিত কৰিছিল চুৰিকাণ্ডৰ ঘটনা।
মহানগৰ আৰক্ষীক নাকত ধৰি চাকত ঘুৰাইছে চোৰে। বাতৰি যুগুত কৰা পৰ্য্যন্ত চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।
শীঘ্ৰে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান মছজিদৰ ইমাম মফিদুল ইছলাম’ৰ।
লগতে পঢ়ক – মৰিয়নী পৌৰসভাৰ অ-বিজেপি ৱাৰ্ডে নাপাব চৰকাৰ, বিধায়কৰ সহযোগীতা : ৰূপজ্যোতি কুৰ্মী