ধেমাজি: আজি পুৱতি নিশা ধেমাজি চিনাইচুক স্থিত দিগন্ত সোণোৱাল নামৰ এজন লোকৰ দোকানত এক চুৰি কাণ্ড সংঘটিত হয়। লোকজনৰ দোকানখনত লগাই থোৱা চিচি টিভি কেমেৰাত বন্দী হয় চুৰি কাণ্ডৰ সমস্ত ঘটনা।

দিগন্ত সোণোৱালে জনোৱা মতে নিশা প্ৰায় ১.২৫ বজাত তেওঁৰ সোণোৱাল ষ্টোৰ নামৰ দোকানখনত ওপৰৰ টিনপাত কাতি এজন চোৰে প্ৰৱেশ কৰি কাউণ্টাৰৰ পৰা ২ লাখৰো অধিক টকা চুৰি কৰে।

আনহাতে চুৰি কাণ্ড সংঘটিত হোৱাৰ সময়ত দোকানখনৰ স্বতাধিকাৰী সোণোৱাল দোকানখনৰ ভিতৰতে শুই আছিল বুলি জানিব পৰা গৈছে। স্বতাধিকাৰী গৰাকী থকাৰ পিছতো চোৰে এইদৰে চুৰি কাণ্ড সংঘটিত কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত দিগন্ত সোনোৱালয়ে পুৱা গম পাই ধেমাজি সদৰ আৰক্ষী থানাত এখন এজাৰৰ দাখিল কৰে। বাতৰি যুগুত কৰা সময়লৈকে চোৰক আটক কৰা হোৱা নাই।

লগতে পঢ়ক – বৰপেটাৰ জনিয়াত উদ্ধাৰ এটা কেঁকো সাপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply