গুৱাহাটী : অসমৰ আৰ্বিটাৰলৈ বিশ্ব দবা মহাসংঘৰ স্বীকৃতি।অসমৰ তিনিজন আৰ্বিটাৰ গুৱাহাটীৰ অৰুণ সিং, প্ৰণৱ কুমাৰ নাথ আৰু শিলচৰৰ ড: চাৰ্ৱাকলৈ বিশ্ব দবা মহাসংঘই আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ আৰু ফিডে আৰ্বিটাৰৰ স্বীকৃতি প্ৰদান কৰিছে।

২০২২ চনৰ ২৮ এপ্ৰিলত, আবুধাবিত অনুষ্ঠিত প্ৰথম ফিডে কাউঞ্চিল মিটিঙত অৰুণ সিঙৰ আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ খিতাপ আৰু প্ৰণৱ কুমাৰ নাথ আৰু ড: চাৰ্ৱাকৰ ফিডে আৰ্বিটাৰৰ খিতাপ অনুমোদন কৰে। বিশ্ব দবা মহাসংঘই ৮ জুন, ২০২২ ৰ পৰা কাৰ্যকৰী হোৱাকৈ অৰুণ সিঙক আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ, প্ৰণৱ কুমাৰ নাথ আৰু ড: চাৰ্ৱাকক ফিডে আৰ্বিটাৰৰ খিতাপ প্ৰদান কৰে।

লগতে পঢ়ক – শিক্ষাৰ নামত প্ৰৱঞ্ছনাৰে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ

সদৌ অসম দবা সন্থাই , গুৱাহাটী দবা সন্থাই এই কৃতিত্বৰ বাবে তিনিওজন আৰ্বিটাৰলৈ অভিনন্দন জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply