মাৰ্ঘেৰিটা: উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অধীনত টিপং কলিয়ৰীৰ লোহা চুৰিৰ অভিযোগত আজি নিশা এখন ব্যক্তিগত বাহন আৰু এখন মটৰ চাইকেলসহ চাৰিজন লোহা চোৰক লেখাপানী আৰক্ষীয়ে আটক কৰে।

প্ৰতিষ্ঠানটোত হৈ থকা লোহা চুৰিৰ বাতৰি ধাৰাবাহিকভাবে সম্প্ৰচাৰ হৈ থকাৰ পাছতে আজি নিশা লেখাপানী আৰক্ষীয়ে চোৰাং লোহা চোৰৰ বিৰুদ্ধে অভিযান চলায়।

অভিযানকালত এখন আইটেন বাহন আৰু এখন মটৰ চাইকেলসহ তিনিজনকৈ লোহা চোৰক লোহা কঢ়িয়াই আনি থকা অৱস্থাত আটক কৰে লেখাপানী আৰক্ষীয়ে। লগতে জব্দ কৰে পটিপং কলিয়ৰীৰ পৰা চুৰি হোৱা বৃহৎ পৰিমাণাৰ তাম আৰু এলুমিনিয়াম তাঁৰ।

ইফালে একে নিশাই জাগুনৰ এটা স্ক্ৰেপ ডেম্পত তালাচী চলাই বৃহৎ পৰিমাণৰ লোহা উদ্ধাৰ হোৱাৰ পিছতে ডেম্পটো আৰক্ষীয়ে চীল কৰি দিয়ে। ডেম্পটোত কেবা লক্ষাধিক টকাৰ লোহা মজুত আছে বুলি জানিব পৰা গৈছে।

বৰ্তমান লেখাপানী আৰক্ষীয়ে জাগুনৰ স্ক্ৰেপ ডেমটোৰ স্বত্বাধিকাৰী জোনেইড হুছেইনক গ্ৰেপ্তাৰ কৰিছে। লগতে কৰায়ত্ব কৰিছে পাপু বৈষ্ণৱ, মহিবুল হক আৰু নাজিৰ ৰহমানক, তেওঁলোকৰ পৰা এ এচ ২৩ কে ৯৩১৭ নম্বৰৰ এখন আই-১০ বাহন আৰু এ এচ ২৩ এইচ ২৪৭০ নম্বৰৰ এখন চোপাৰ স্প্লেণ্ডাৰ মটৰ চাইকেল জব্দ কৰা হয়।

ইতিমধ্যে লেখাপানী থানাত PDPP আইনৰ R/w ধাৰা ৩ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২ ধাৰাৰ অধীনত ৫২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

শেহতীয়াকৈ টিপং কলিয়ৰীৰ পৰা ১ কোটি টকাৰ অধিক লো-পিতলৰ সামগ্ৰী চোৰে চুৰি কৰি উধাও হৈছিল যদিও আৰক্ষীয়ে চোৰ কৰায়ক্ত কৰাৰ ক্ষেত্ৰত বিধি পথালি দিয়াৰ লগতে ক’ল ইণ্ডিয়াৰ এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল শ্ৰমিক নেতা ভাৰত ভূষণ বৰঠাকুৰে।

নিশা গ্ৰেপ্তাৰ কৰাৰ চোৰকেজনৰ ওপৰিও ইতিমধ্যে সংঘটিত হোৱা বৃহৎ চুৰি সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে গভাইত লোহা চোৰকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ শ্ৰমিক সংগঠনসমূহে দাবী জনাইছে।

লগতে পঢ়ক – JEE Mains-ৰ ফলাফলত ২য় স্থান অধিকাৰ গুৱাহাটীৰ ছাত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply