জামুগুৰিহাট: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাৰ গেলা হাটিঙাত তিনি দিনীয়া কাৰ্যসূচীৰে ৰাধা কৃষ্ণ ও দৌল যাত্ৰা উদযাপন সমিতিৰ সজৌন্যত সাৰ্ব্বজনীন ফাকুৱা মহোৎসৱ উদযাপন কৰা হৈছে।

উক্ত ফাকুৱা মহোৎসৱত হোম যজ্ঞ, হোলী গীত আদিৰে মুখৰিত হৈ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।

আজি গেলা হাটিঙাৰ ৰাইজ সকলে শ্ৰী কৃষ্ণৰ গুণ গান গাই হোলীৰ আনন্দত আত্মহাৰা হৈ পৰে। গেলা হাটিঙা অঞ্চলত সকলো চাহ জনগোষ্ঠী ৰাইজ একত্ৰিত হৈ শ্ৰী কৃষ্ণক আৰাধনা কৰি এক আধ্যাত্মিক পৰিৱেশ সূচনা কৰে।

ইফালে মহোৎসৱৰ বিশেষ মহাত্মাৰে পৰম্পৰা অনুসৰি তিনি দিনীয়াকৈ উদযাপন কৰি অহা ফাকুৱা মহোৎসৱত আজি আকৰ্ষণীয় অনুষ্ঠান কলহ ভঙাত বহু ৰাইজৰ সহযোগ কৰা পৰিলক্ষিত হয় ।

গেলা হাটিঙাৰ সমগ্ৰ গ্ৰাম্যাঞ্চলত পৰম্পৰাগত ভাবে ফাকুৱা মহোৎসৱভাগ ধুমধামেৰে উদযাপন কৰে ।

লগতে পঢ়ক – কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুন বৰা; দলীয় ঘোষণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply