মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত আৰক্ষী প্ৰশাসনৰ  ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে।

আজি মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়োৰ তৎপৰতাত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ সমীপত ব্ৰাউন চুগাৰ, কানিসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়।

আটকাধীন লোকজনক বৰডুমছাৰ অনিল শইকীয়া বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে শইকীয়াই ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS06 B 4746 নম্বৰৰ মাৰুতি কাৰখনো জব্দ কৰে।

আনহাতে যোৱা বুধবাৰে আৰক্ষীয়ে চলোনা আন এক অভিযানত মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়ো আৰু লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকনৰ নেতৃত্বত আৰক্ষী এটা দলে লিডু টিৰাপ কলিয়ৰীত ব্ৰাউন চুগাৰ, কেইবা হাজাৰ টকা, মোবাইল ফোন তথা ড্ৰাগছ সেৱনত ব্যৱহৃত সামগ্ৰীসহ দুজন ড্ৰাগছ আসক্তক আটক কৰে।

আটকাধীন লোক দুজনক পেঙেৰীৰ ব্ৰক্ষ্মজান অঞ্চলৰ ৰাজকুমাৰ জয়ছোৱাল (৫৫) আৰু লিডু চাহ বাগিছাৰ লক্ষী দাস পাহাৰীয়া (৪৯) বুলি চিনাক্ত কৰা হৈছে।

যোৱা সময়ছোৱাত মহকুমাটোত ড্ৰাগছৰ প্ৰচলন উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে।

লগতে পঢ়ক – APSC-ৰ নতুন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীলৈ তদন্ত আয়োগৰ জাননী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply