মঙলদৈ, প্ৰবীণ বৰুৱা: মঙলদৈৰ নিকতৱৰ্তী ভালুকখোৱা পাৰা গাঁৱত হৈ যোৱা বানপানীৰ বাবে মাঘ বিহুৰ আনন্দ উল্লাস ম্লান পৰিছিল যদিও স্থানীয় ডেকা সকলে পৰম্পৰা ৰক্ষা নকৰাকৈ নাথাকিল। 

উল্লেখযোগ্য যে এই ভালুকখোৱা পাৰাকে ধৰি প্ৰায় ২০খন গাওঁ এমাহৰো অধিক দিন বিধ্বংসী বানৰ কবলত আছিল।

এই বাৰ এই গাওঁখনে ৭৩ সংখ্যক ভোগালী বিহু উদযাপন কৰে, আৰু দুটা বছৰ পিছত হীৰক জয়ন্তী বৰ্ষ পালন কৰিব তেওঁলোকে, সেয়ে এইবাৰ গাঁওৰ ডেকা সকলে পৰম্পৰাগত নাওখেল, সাঁতোৰ প্ৰতিযোগিতাকে  ধৰি সৰু সৰু ল’ৰা ছোৱালীৰ মাজত বিভিন্ন আমোদজনক খেল-ধেমালি অনুষ্ঠিত কৰে।

লগতে পঢ়ক – মৰিগাঁৱত তীৰ্থযাত্ৰী কঢ়িযাই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত; ৩জন নিহত, আহত ১৪

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply