বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ মিচিং আগম কেবাং ভৱনত অলপতে অনুষ্ঠিত হৈ যায় সদৌ অসম ট্ৰাইবেল ইয়ুথ লীগৰ এখন গুৰুত্বপূৰ্ণ সভা।
বোকাখাত জিলা ট্ৰাইবেল সংঘৰ নেতৃত্বত তথা বিশিষ্ট সমাজকৰ্মী দিগন্ত কুটুমৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলা ট্ৰাইবেল সংঘৰ সভাপতি মাইনা মাধৱ কছাৰী, সম্পাদক সাৰচীন হাঞ্চে, গোলাঘাট জিলা ট্ৰাইবেল ইয়ুথ লীগৰ উপ- সভাপতি ভাৰ্গৱ ঠেঙাল আৰু গোলাঘাট জিলা ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি হেমন্ত মৰাঙৰ লগতে অন্যান্য বিষয়ববীয়া আৰু সদস্যসকল।
সভাত কৃষ্ণকান্ত কাৰ্দঙক সভাপতি তথা ধ্ৰুৱজ্যোতি লয়িঙক সম্পাদক হিচাপে লৈ গঠন কৰা হয় বোকাখাত জিলা ট্ৰাইবেল ইয়ুথ লীগৰ ২১জনীয়া পূৰ্ণাংগ সমিতিখন। সমিতিত দ্বায়িত্ব লাভ কৰা অন্যান্যসকল হ’ল উপ-সভাপতি গজেন কছাৰী, বিনাও কুটুম,সহ সম্পাদক পলাশ জ্যোতি কছাৰী, নাৰায়ণ লয়িঙ, সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ কুটুম, যদুমণি লয়িঙ, প্ৰচাৰ সম্পাদক নবিন কুটুম, সাংস্কৃতিক সম্পাদক পৱিত্ৰ পেগু আদি।
উল্লেখযোগ্য যে ১৪ জনগোষ্ঠীৰ সন্মিলিত নেতৃত্বৰে গঠিত সদৌ অসম ট্ৰাইবেল ইয়ুথ লীগৰ পূৰ্ণাংগ কেন্দ্রীয় সমিতিখন গঠন কৰা উদ্দেশ্যে অহা ১০ জুনত গুৱাহাটীৰ মাছখোৱাৰ অসম সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া বিশেষ জনজাতীয় অভিৱৰ্তনত অংশগ্ৰহণ কৰিব সদৌ অসম ট্ৰাইবেল ইয়ুথ লীগৰ সদ্য গঠিত বোকাখাত জিলা সমিতিৰ ১৫ জনীয়া প্ৰতিনিধিৰ লগতে জিলা ট্ৰাইবেল সংঘৰ ৫ জনীয়া প্ৰতিনিধিৰ এটা দলে।
লগতে পঢ়ক – ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন কেপ্টেইন মিতালী ৰাজে ল’লে অৱসৰ