গুৱাহাটী : ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানপানী আৰু প্রাকৃতিক দুর্যোগৰ প্রলয়নকাৰী ধ্বংসলীলাৰ পিছতাে কেন্দ্রীয় চৰকাৰৰ নির্লিপ্ত ভূমিকাই অসমবাসীক ক্ষুদ্ধ আৰু ক্ষুন্ন কৰি তুলিছে। নির্বাচনৰ সময়ত বানমুক্ত অসমৰ শ্ল’গান দিয়া কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ ‘ডাবল ইঞ্জিন’ৰ চৰকাৰে এই দুর্যোগৰ সময়ত জনসাধাৰণক সকাহ দিয়াত দৃষ্টিকটুভাৱে ব্যৰ্থ হৈছে।ক্ষতিগ্রস্তক নামমাত্রা সাহায্য দিয়েই চৰকাৰে দায়িত্ব সামৰিছে। আশ্রয় শিবিৰত থকা বানাক্ৰান্তই হা-হুমুনিয়াহৰে জীৱন নির্বাহ কৰিবলগীয়া হৈছে। আনকি নির্বাচনৰ সময়ত ‘এ-ফ-আসাম’, ‘ঈশানকোণ’, ‘অষ্টলক্ষ্মী’ আদি বিশেষণেৰে অসমক বিভূষিত কৰা প্ৰধানমন্ত্রীয়ে মুখ্যমন্ত্ৰীক ফোন বা এটা টুইট কৰিয়েই দায়িত্ব সামৰিছে। এইদৰে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ।
বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে নিজেই অসমৰ বানপানী চাবলৈ অহাটো দূৰৰে কথা, কোনাে এজন কেন্দ্রীয় মন্ত্রী বা কেন্দ্রীয় প্রতিনিধি দল এটাকো অসমলৈ প্ৰেৰণ নকৰিলে। এই ক্ষেত্ৰত কেন্দ্ৰক সৈমান কৰাত অসমৰ মুখ্যমন্ত্রীও দুখলগাকৈ ব্যর্থ হােৱা দেখা গৈছে। এতিয়ালৈকে আনকি কেন্দ্রই কোনাে সাহায্য পুঁজিও মােকলাই নিদিলে। কেন্দ্রীয় চৰকাৰৰ ভূমিকাত হতাশ হােৱা মুখ্যমন্ত্রীয়ে উপায় নাপাই লজ্জা ঢাকি কাৰেণেই হওক বা ৰাইজৰ ক্ষোভ মৰিষণ কৰিবলৈ হওক কেন্দ্রীয় পুঁজি নালাগে বুলিও মন্তব্য দিবলৈ বাধ্য হৈছিল। কেন্দ্ৰৰ এনেকুৱা ভূমিকা ৰাজ্যখনৰ বান ক্ষতিগ্রস্ত লােকৰ প্ৰতি এক চৰম উপহাস।বানমুক্ত অসমৰ শ্ল’গান দিয়া বিজেপি চৰকাৰে অসমক বানসাহায্য প্রদান কৰাত বিগত বর্ষ কেইটাত চৰম প্ৰতাৰণা আৰু হেমাহিৰ আশ্ৰয় লৈছে বুলি কয় অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা।
২০১৭ চনত জুলাই মাহতাে ৰাজ্যখনত প্রবল বানপানী হৈছিল। সেইবাৰাে ২৬ খন জিলাৰ ৮১ টা ৰাজহ চক্ৰৰ ২৪৫০ খন গাঁও বানত আক্রান্ত হৈছিল। ১১৯ জন ব্যক্তি মৃত্যুমুখত পৰিছিল। বানপানী শামকটাৰ লগে লগে সেইবছৰৰে আগষ্ট মাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে অসমলৈকে আহি খানাপাৰাস্থিত প্রশাসনিক মহাবিদ্যালয়ত বান পর্যালােচনা সভাত অংশ লৈছিল। এই সভাত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেইবাগৰাকী কেন্দ্রীয় মন্ত্রী আৰু কেন্দ্ৰ-ৰাজ্যৰ আমােলাসকলৰ উপস্থিতিত প্রধানমন্ত্রীয়ে কেইবাটাও ঘােষণা কৰিছিল। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে প্রায় ৩ হাজাৰ কোটিটকীয়া পেকেজ আৰু ব্ৰহ্মপুত্র অধ্যয়নৰ বাবে ১০০ কোটি টাকা মুকলি কৰি দিয়া হ’ব বুলি প্রতিশ্রুতি দিছিল। কিন্তু এই ঘােষিত ধন আজিলৈকে ৰাজ্যখনে নাপালে বুলিও কয় দিলীপ কুমাৰ শৰ্মাই। তাৰােপৰি বিগত বছৰ কেইটাত অসমক ৰাষ্ট্ৰীয় দুর্যোগ প্রশমন পুঁজিৰ ধনো মুকলি কৰি দিয়া নাই। সংসদত দাখিল কৰা তথ্য অনুসৰিয়েই ২০১৮-১৯, ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষৰ ভিতৰত মাত্র ২০২০-২১ বৰ্ষতহে অসমক কেন্দ্রই অতি নগণ্য পৰিমাণৰ ৪৪.৩৭ কোটি ধন এনডিআৰএফৰ পুঁজিৰ পৰা মােকলাই দিয়ে। অথচ ২০২০-২১ বৰ্ষত অসমে কেন্দ্ৰৰ পৰা ২৬৪২.৯৯ কোটি টকা বিচাৰিছিল।
তেনেকৈ ২০২১-২২ বৰ্ষতাে অসমে বিচৰা ১০১৮.১৫ কোটি টকাৰ বিপৰীতে মাত্র ৫১.৫৩ কোটি টকা এন ডি আৰ।এফৰ শিতানৰ পৰা মােকলাই দিয়ে। এয়াই প্রমাণ কৰে ডাবল ইঞ্জিন চৰকাৰৰ অসমৰ প্রতি থকা দায়িত্বহীনতা বুলি প্ৰকাশ কৰি কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই। একেটা বর্ষতে কেন্দ্রই গুজৰাটক ১০০০ কোটি, মধ্য প্রদেশক ৬০০.৫০ কোটি, কর্ণাটক ৯৯৬.৪৫ কোটি আৰু বিহাৰক ১০৩৮,৯৬ কোটি টকা এন ডি আৰ এফৰ শিতানৰ পৰা মােকলাই দিছিল। অসমৰ প্ৰলয়নকাৰী বানপানী আৰু এই প্রাকৃতিক দুর্যোগৰ সময়তাে কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ প্ৰতি কৰা এই অন্যায় আৰু প্ৰৱঞ্চনাক আমি অসম তৃণমূল কংগ্ৰেছে তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিছে বুলিও কয় দিলীপ কুমাৰ শৰ্মাই। অতি শীঘ্ৰে অসমৰ বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে পর্যাপ্ত পুঁজি মুকলি কৰাৰ লগতে প্রধানমন্ত্রী-গৃহমন্ত্রীক অসমৰ এই দুর্যোগ চাই যাবলৈ দাবী জনায় দিলীপ কুমাৰ শৰ্মাই।