কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বনগাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত তুৰি-মিধা সমাজৰ সাধাৰণ অধিৱেশনৰ সামৰণি পৰে।
৩০ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা অধিৱেশনত আৰম্ভণি দিনাৰ নিশা অনুষ্ঠিত বিষয় বাচনি সভাত দিপক তুৰিক সভাপতি আৰু প্ৰশান্ত মিধাক সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া গোলাঘাট জিলা তুৰি মিধা সমাজৰ নতুন সমিতি গঠন কৰা হয়।
দেওবাৰে অধিৱেশনৰ লগত সংগতি ৰাখি বনবাগিছা খেলপথাৰৰ পৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। তুৰি মিৰ্ধা সমাজৰ গোলাঘাট জিলাৰ সভাপতি দিপক তুৰিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰাবুল তুৰিয়ে।
সভাত তুৰি মিৰ্ধা সমাজৰ সম্পাদক লীলাধৰ মিৰ্ধাই তুৰি মিৰ্ধা সমাজক অন্যান্য জাতি জনগোষ্ঠীৰ লগত শিক্ষা, ৰাজনৈতিক, অৰ্থনৈতিক, ক্ৰীড়া,সাহিত্য সংস্কৃতি ক্ষেত্ৰখনত সমান্তৰালভাৱে আগবঢ়াই নিয়াৰ লগতে ৰাজ্য চৰকাৰে শীঘ্ৰেই চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায়।
চাহ জনগোষ্ঠীক জনজাতিকৰণৰ নকৰিলে চাহ জনগোষ্ঠীৰ অন্যতম সমাজ তুৰি-মিৰ্ধা সমাজ একত্ৰিত হৈ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।
এই সভাতেই তুৰি মিৰ্ধা সমাজৰ গাঁও প্ৰধান সকলক বিশেষভাৱে সম্বৰ্ধনা জনাই আদৰণি সমিতিয়ে।
অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰাবুল তুৰিয়ে আঁত ধৰা অনুষ্ঠানত তুৰি মিৰ্ধা সমাজৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰে সংগঠনটোৰ প্ৰতিষ্ঠাপক সম্পাদক বাবুজান তুৰি আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক লীলাধৰ মিৰ্ধাই।
লগতে পঢ়ক – কমাৰগাঁৱৰ বিশেষভাৱে সক্ষম যুৱতী প্ৰয়াত ৰুনু বৰুৱাৰ কবিতা সংকলন, উপন্যাস উন্মোচন