ধেমিজি: ধেমাজি জিলাৰ জোনাইৰ লক্ষী নেপালী গাঁৱৰ মেডিকেল ৰোডত আজি জোনাই আৰক্ষীয়ে এক অভিযান চলাই বন্দুকসহ দুজন চোৰাং চিকাৰী়ক গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য মতে জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱ মনি দাস আৰু জোনাই থানাৰ আৰক্ষী বিষয়া নেত্র কমল শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই চোৰাং চিকাৰী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

চোৰাং চিকাৰী দুজনৰ পৰা আৰক্ষীয়ে সাতটা হাতীৰ দাঁত, এটা বন্দুক, সাত জাঁই সক্ৰিয় গুলী, তিনিটা মোবাইল ফোন আৰু এখন চুইফ্ট ডিজায়াৰ গাড়ী এটা জব্দ কৰেl

গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী দুজনক ক্ৰমে অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং জিলাৰ ১২ মায়েলৰ তাগে ৰিনা আৰু চিকা তদেৰ তলেম জামহ বুলি চিনাক্ত কৰা হৈছে l আনহাতে, ধৃত তাগে ৰিনা এগৰাকী প্ৰাক্তন সেনা বুলি জোনাই মহকুমা আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

লগতে পঢ়ক – ৰাজ্যত যোৱা ২৪ ঘণ্টাত পুনৰ বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply