কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাত এতিয়াও সক্ৰিয় গৰু চোৰ চক্ৰ। আৰক্ষীৰ চকুত ধুলি দি ন ন কৌশলেৰে একাংশ গৰু চোৰে দৈনিক গৰু চোৰাং সৰবৰাহ কৰি আহিছে। 

ৰাজ্যত গো-সুৰক্ষা আইন যিমানেই কঠিন হৈছে গৰু সৰবৰাহকাৰী সকলো সিমানেই চতুৰ হোৱা দেখা গৈছে।

বৃহস্পতিবাৰে নিশা গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে এখন মিনি ট্ৰাকৰ পৰা ৬ টা বলধ গৰু জব্দ কৰিবলৈ সক্ষম হয়।

এক বিশেষ খবৰৰ ভিত্তিত কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কমাৰগাঁৱৰ কলেজ তিনিআলিত এ এছ ০৫ চি ৮৮১০ নম্বৰৰ এখন মিনি টকাত ৬ টা বলধ গৰুসহ দুজন লোকক আটক কৰে।

আটকধীন লোককেইজনক দেৰগাঁও হাঁহচৰা গাঁৱৰ বিনোদ ভৰালী (৩৮) আৰু দেৰগাঁও দীঘলিপামৰ যদুমনি দাস (২৬) বুলি চিনাক্ত কৰা হৈছে। আজি কমাৰগাঁও আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক – খহনীয়া বনাম দুৰ্নীতি: শিৱসাগৰত দিখৌৰ মথাউৰি নিৰ্মাণৰ নামত কি চলিছে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply