মাৰ্ঘেৰিটা: এইচ ডি এফ চি বেংক মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত দুদিনীয়া মেগা ঋণ মেলা আজি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত সম্পন্ন হয়।

মাৰ্ঘেৰিটা এইচ ডি এফ চি বেংকৰ শাখা প্ৰবন্ধক ধ্ৰিতিমান দত্তই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি এই মেগা ঋণ মেলাত গ্ৰাহকলৈ পাৰ্চনেল লোন, বিজনেছ লোন, গ’ল্ড লোন, কাৰ লোন, লোন এগেইনষ্ট চিকিওৰিটিজ, কনজ্যুমাৰ লোন, টু হুইলাৰ লোন, লোন অন ক্ৰেডিট কাৰ্ডকে বহুকেইটা সুবিধা আগবঢ়োৱা হয়।

এই উপলক্ষে আজি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত অনুষ্ঠিত এখন সভাত মাৰ্ঘেৰিটাৰ সাংবাদিক মানস প্ৰতিম গগৈ আৰু যুৱ ব্যৱসায়ী কৰ্ণ গগৈক এইচ ডি এফ চি বেংকৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধনা গ্ৰহণ কৰি সাংবাদিক মানস প্ৰতিম গগৈয়ে ভাষণ প্ৰসংগত সমাজত বেংকৰ গুৰুত্ব আৰু দেশৰ অৰ্থনীতি সৱল কৰাত এইচ ডি এফ চি বেংকৰ ভূমিকাক শলাগ লোৱাৰ লগতে মফচল অঞ্চলৰ পৰা গ্ৰামাঞ্চলৰ সমাজকো এনে সুবিধা আগবঢ়ালৈ পৰামৰ্শ আগবঢ়ায়।

উল্লেখ্য এই ঋণ মেলাৰ লগত সংগঠি ৰাখি স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰী বেচৰকাৰী কাৰ্য্যালয় সমূহতো বেংকৰ প্ৰতিনিধি উপস্থিত হৈ এই ঋণ মেলা সন্দৰ্ভত অৱগত কৰে।

আনহাতে কালি একেখনত মঞ্চতে মাৰ্ঘেৰিটা নগৰ সমিতিৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড কমিশনাৰ সত্য ৰঞ্জন বৰকাকতী আৰু যুৱ ব্যৱসায়ী চিৰঞ্জীৱ গগৈকো বেংকৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।

লগতে পঢ়ক – ৰাজ্যত ঘোষণা হ’ল অসম আৰক্ষীৰ ৬৬৬২ টা কনিষ্টবল পদৰ ফলাফল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,127 other subscribers

Leave a comment

Leave a Reply Cancel reply