বোকাখাত, উত্তম কুমাৰ শৰ্মা: সোমবাৰে বোকাখাতৰ ৰজাবাৰী অঞ্চলত সংঘটিত হয় এক শোকাৱহ ঘটনা। মাটি খান্দি থকা অৱস্থাতে মৃত্যুক আকোৱালি ল’লে অঞ্চলটোৰ দুজন লোকে। নিহত লোক দুজনৰ ভিতৰত এজন ১৪ বছৰীয়া কিশোৰো আছে।
জানিব পৰা মতে ৰজাবাৰী অঞ্চলৰ ৰজা দিনীয়া ‘ৰাজগড়’ হিচাপে পৰিচিত গড়টোৰ পৰা ঘৰ মুচীবৰ বাবে মাটি খান্দি থকাৰ সময়তে খহি পৰে গড়টোৰ এক প্ৰকাণ্ড অংশ যাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় অঞ্চলটোৰ জীতেন দাস নামৰ ৩৫ বছৰীয়া এজন লোকৰ।
আনহাতে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত গোবিন গুৱালা নামৰ কিশোৰজনক সংকটজনক অৱস্থাত বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
উল্লেখযোগ্য যে এসময়ত বিস্তৃত এলেকাজুৰি থকা ঐতিহাসিক গড়টো সংশ্লিষ্ট বিভাগৰ অমনোযোগিতা তথা উচিত সংৰক্ষণৰ অভাৱত গড়টোৰ বিভিন্ন অংশত বেদখল হোৱাৰ লগতে একাংশ লোকে গড়টোৰ বিভিন্ন স্থানত মাটি কাটি নিশেষ কৰিছে ইয়াৰ অৱশিষ্ট ।
আহোম সাম্ৰাজ্যৰ সাক্ষৰ বহন কৰা উক্ত গড়টোৰ মাটি কাটি থাকোঁতেই বাহৰ মূঢ়াসহ এটা প্ৰকাণ্ড মাটিৰ অংশ খহি পৰাৰ ফলতেই উক্ত মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱা বুলি মন্তব্য কৰিছে স্থানীয় লোকে।
লগতে পঢ়ক – চৰাইদেউত বিষাক্ত কাঠফুলা খাই চাৰিজনৰ মৃত্যু