বোকাখাত, উত্তম কুমাৰ শৰ্মা: সোমবাৰে বিয়লি বোকাখাতৰ মেথনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত দুজন যুৱকৰ থিতাতে মৃত্যু হয়।
জানিব পৰা মতে বোকাখাত দিশৰ পৰা কঁহৰা অভিমূখে গৈ থকা AR 08 A 8295 নম্বৰৰ বাইকখনৰ বিপৰীত দিশৰ পৰা অহা UP 42 BT 5397 নম্বৰৰ এখন ট্ৰেলাৰৰ সৈতে হোৱা সংঘৰ্ষ লাগে।
উক্ত সংঘৰ্ষৰ ফলতে দুই বাইক আৰোহী গুৰুত্বৰভাৱে আহত হোৱাত দুয়োজনক সংকটজনক অৱস্থাত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।
নিহত যুৱক দুজনক কাজিৰঙা গেলেকী মিকিৰ গাঁৱৰ শ্ৰীমন্ত উৰাং আৰু কাৰ্ত্তিক ঘাটোৱাল বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক – যমুনামুখত বান বিধ্বস্ত অঞ্চলত পৰিদৰ্শন বিধায়ক ছিৰাজুদ্দিন আজমলৰ