মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি মাৰ্ঘেৰিটাৰ উপকণ্ঠ অঞ্চলৰ বৰগোলাই পাণ্ডু ঘাটত বুধবাৰে ড্ৰাগছসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।

মাৰ্ঘেৰিটা থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্রতাপ গগৈৰ নেতৃত্বত চলোৱা অভিযান কালত আটক কৰা যুৱক দুজনৰ পৰা দুটা চাদা টেমাত ভৰাইথোৱা ড্রাগছ জব্দ কৰা হয় বুলি আৰক্ষীয়ে জানিব দিয়ে।

আটকাধীন যুৱক দুজনক দেৱাশীষ মণ্ডল (১৯) আৰু চিকণ্ডৰ মহম্মদ(১৮) বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰে দেৱাশীষৰ ঘৰ মাৰ্ঘেৰিটা অল্ড কলনীত আৰু আনজনৰ ঘৰ বোকাজানত। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত যুৱক দুজনক জেৰা চলাই আছে।

লগতে পঢ়ক – এতিয়াৰ পৰা পঞ্চায়ত প্ৰতিনিধিয়ে প্ৰতি মাহৰ ১০ তাৰিখে পাৰিতোষিক লাভ কৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply