কৰিমগঞ্জ: কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত শনিবাৰে দুটা দুষ্প্ৰাপ্য প্ৰজাতিৰ হোলোক গিবনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে এটা আঘাটপ্ৰাপ্ত অৱস্থাত এটা গিবন উদ্ধাৰ কৰা হয়। জিলাখনৰ এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
জানিব পৰা মতে, শুকুৰবাৰে নিশা কৰিমগঞ্জ নগৰৰ পৰা প্ৰায় ৪০ কিঃ মিঃ নিলগৰ মুকমাটিল্লা আৰক্ষী চকীৰ সমীপত বিদ্যুৎপৃষ্ট হৈ দুটা গিবনৰ মৃত্যু হোৱাৰ লগতে আন এটা গিবন আঘাটপ্ৰাপ্ত হয়।
গিবন কেইটাক বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যৰে লৈ অনা হৈছিল কিন্তু সীমান্তত বি এছ এফ বাহিনীৰ পহৰা দেখি চোৰাং সৰবৰাহকাৰীয়ে গিবন কেইটাক তাতে এৰি থৈ যায় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
আহত গিবনটোক পিছত চিকিৎসা কৰি বনত মুকলি কৰি দিয়া হয় বুলি পাথৰকাণ্ডিৰ আঞ্চলিক বন বিষয়া মনোজ কুমাৰ ঝাই জানিবলৈ দিয়ে। ঘটনা সম্পৰ্কত তদন্ত চলাই থকা হৈছে বুলি তেওঁ লগতে কয়।
লগতে পঢ়ক – শিৱসাগৰত উচ্ছেদ জুৱাৰ ঘাটি, আটক চাৰি জুৱাৰী