সোণাৰি: ৰাজ্যত আলফা স্বাধীনত যোগদানৰ ঢৌ উঠা সময়তে সোণাৰিত দুজনকৈ আলফা স্বাধীনৰ সক্ৰিয় লিংকমেন আটক কৰে আৰক্ষীয়ে।

আটকাধীন যুৱক দুজনক সাপেখাতিৰ ধুনীয়া পথাৰ অঞ্চলৰ দেৱজিৎ ভূঞা (৩৩) আৰু ১ নং হাওঁফাওঁ গাঁৱৰ মিঠু বৰুৱা (৩১) বুলি চিনাক্ত কৰা হৈছে।

আলফা স্বাধীনৰ সদস্যৰ লগত যোগাযোগ ৰখাৰ অভিযোগত আৰক্ষীয়ে আটক কৰি সম্প্ৰতি সোণাৰি আৰক্ষী থানাত সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মন কৰিবলগীয়া যে বিগত কেইটামান দিনত আলফা স্বাধীনৰ কাৰ্যকলাপ অধিক সক্ৰিয় হৈ উঠাৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা যুৱক-যুৱতীয়ে সংগঠনটোত যোগদানৰ খবৰ পোহৰলৈ আহিছে।

তেনে সময়তে আজি আলফা স্বাধীনৰ সদস্যৰ লগত যোগাযোগ ৰখাৰ সন্দেহত দুই যুৱকক আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

লগতে পঢ়ক – মানকাচৰত বিএছ এফৰ দ্বিতীয়জন সন্ধানহীনৰ মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply