নিউজ ডেস্ক: কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে নুমলীগড় শোধনাগাৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মেগা শোধনাগাৰ সম্প্ৰসাৰণকে ধৰি চলি থকা কামৰ বুজ লয়।

নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষত ৰিজিজুক আদৰণি জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক শোধনাগাৰৰ কাম-কাজ, ইন্টাৰলক আৰু এলাৰ্মৰ বিষয়ে অৱগত কৰা হয় আৰু মমৰ পেকেজিং প্ৰক্ৰিয়াৰ আভাস দিয়া হয়।

পিছত মন্ত্ৰীগৰাকীয়ে বাঁহৰ বায়’মাছক ফিডষ্টক হিচাপে লৈ প্ৰথমটো ২জি বায়’-ৰিফাইনেৰী ৰূপায়ণ কৰা অসম বায়’ ৰিফাইনেৰী প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে।

ইয়াৰ পূৰ্বে ২৭ নৱেম্বৰত নুমলীগড় শোধনাগাৰ টাউনশ্বিপত উপস্থিত হোৱাৰ লগে লগে ৰিজিজুক অইল ইণ্ডিয়া লিমিটেডৰ চি এম ডি ড০ আৰ ৰাথে উষ্ম আদৰণি জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এন আৰ এল আৰু অইলৰ কাম-কাজৰো পৰ্যালোচনা কৰে।

লগতে পঢ়ক – নগাঁৱত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; তিনিজনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply