কমাৰগাঁও, চন্দন বৰা: জীৱন সংগ্ৰামৰ মাজেৰে সংস্কৃতিৰ বিশাল ক্ষেত্ৰখনলৈ নিঃস্বাৰ্থ অৱদান আগবঢ়াই অহা ৮০ দশকৰ ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক, সুৰকাৰ সুন্দৰ ফুকন আজি পৰ্য্যন্ত শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে।
গোলাঘাট জিলাৰ কমাৰগাঁও পানীদিহিঙীয়া গাঁৱত জন্মগ্ৰহণ কৰা ফুকনে ১৯৭৫ চনত সংগীতৰ চৰ্চা আৰম্ভ কৰিছিল। নিজৰ বায়েকৰ পৰা সংগীতৰ প্ৰেৰণা লাভ কৰা প্ৰচাৰ বিমুখ শিল্পী ফুকনৰ গানত আছে কেঁচা মাটিৰ গোন্ধ।
সংগীতৰ প্ৰতি থকা প্ৰবল হেঁপাহৰ বাবই চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি আজিও সংগীতৰ চৰ্চা চলাই যোৱাৰ লগতে ফুকনে উঠি অহা প্ৰজন্মক আগ্ৰহী কৰি তোলাৰ সংগীতৰ শিক্ষা বিলাই আহিছে। কিন্তু পৰিতাপৰ কথা যে এই গৰাকী শিল্পী ওপৰত আজিলৈ চৰকাৰৰ কৃপা দৃষ্টি পৰা নাই।
উল্লেখযোগ্য যে অসম আন্দোলনৰ ভৰপূক সময়ত ফুকনে নিজেই গীত ৰচনা কৰি উদ্দাত্ত কণ্ঠৰে বিভিন্ন সভা-সমিতিত পৰিৱেশন কৰাৰ লগতে এখন ট্ৰাকত অস্থায়ী মঞ্চ প্ৰস্তুত কৰি গাঁৱে ভূঞে গৈ অসমৰ জনতাক অসম আন্দোলনৰ প্ৰতি উৎসাহিত কৰিবলৈ বিভিন্ন দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিছিল।
গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী ফুকনে নটৰাজ, ত্ৰিনয়ন আদি থিয়েটাৰৰ জৰিয়তে গীতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে ভ্ৰাম্যমাণ জগতত ‘তেজী ৰঙা ফুল’ আৰু ‘যৌতুক’ নামেৰ দুখন নৃত্য নাটিকা ৰচনা আৰু প্ৰদৰ্শন কৰি ৰাইজৰ পৰা সমাদৰ লাভ কৰিছিল।
‘চকুৰ চিনাকী’, ‘প্ৰথম পুৱাতে’, ‘কাজল মেঘ’ আৰু ‘জোনাকৰ গান’ আদি শ্ৰব্য কেছেটৰ শ্ৰষ্টা সুন্দৰ ফুকনে ‘সূৰ্য্য তেজৰ অন্য নাম’ বোলছবিখনত গীত পৰিৱেশন কৰিছিল। ইয়াৰ উপৰি ‘প্ৰথম পুৱাতে’ নামৰ শিশু গীতৰ অডিঅ’-ভিডিঅ’ চিডি উলিয়াই তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সংগীতৰ প্ৰতি আকৰ্ষিত কৰিছিল।
দুশৰো অধিক গীত ৰচনাৰ কৰাৰ লগতে সুৰ আৰু কণ্ঠদান কৰা ফুকনে তিনিশৰো অধিক গীতত সংগীত পৰিচালনা কৰিছিল। তেওঁ ‘কল্লোল’ নামৰ এখন কবিতা পুথি আৰু ‘প্ৰথম পুৱাতে’ নামৰ এখন গীতৰ পুথিও প্ৰকাশ কৰি উলিয়াইছিল।
বৰ্তমান নতুন প্ৰজন্মক সংগীতৰ জ্যোতি বিলোৱাৰ লক্ষ্যৰে ঘৰে ঘৰে গৈ সংগীতৰ শিক্ষা আগবঢ়াই লাভ কৰা অৰ্থৰে নিজৰ পৰিয়াল চলাই অহা ফুকনে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা নলয় কোনো মাচুল।
কিন্তু এই গৰাকী শিল্পীয়ে আজি পৰ্যন্ত ৰজাঘৰীয়াৰ পৰা লাভ কৰা নাই শিল্পী পেঞ্চন, আৰ্থিক দৰিদ্ৰতাই কোঙা কৰা শিল্পী সুন্দৰ ফুকনৰ খবৰ ল’বলৈ সময় হ’বনে পৰিবৰ্তনকামী চৰকাৰৰ নেতা-মন্ত্ৰীৰ?
লগতে পঢ়ক – পাকিস্তানত ধৰ্মীয় গ্ৰন্থক ‘অসন্মান’ কৰাৰ অভিযোগত এজনক শিলগুটি দলিয়াই হত্যা