হাটশিঙিমাৰী: গৌৰী শংকৰ কলিতা নামৰ এগৰাকী ২৫ বছৰীয়া যুৱকে দৰং জিলাৰ মঙলদৈৰ পৰা পদযাত্রা কৰি ২ মাহ ১৭ দিনৰ অন্তত বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত উপস্থিত হয়।

অসমত গঁড় হত্যা বন্ধ কৰা, ৰক্তদান, প্ৰকৃতিক সুৰক্ষিত কৰি ৰখা, গছ পুলি ৰোপণ আদি বিভিন্ন বিষয়ত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে তেওঁ এই পদযাত্রা কৰা বুলি জানিবলৈ দিয়ে।

তেওঁ আজি হাটশিঙিমাৰীত উপস্থিত হৈ জিলা উপায়ুক্তক সাক্ষাৎ কৰি উপায়ুক্তৰ হাতত এটি গছপুলি প্ৰদান কৰি ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।

এতিয়ালৈ অসমৰ ৩০ খন জিলা পদযাত্রা কৰা কলিতাই হাটশিঙিমাৰীৰ পৰা ধুবুৰী হৈ কোকৰাঝাৰ জিলা ভ্ৰমণ কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে গৌৰী শংকৰ কলিতা দৰং জিলাৰ ছিপাজাৰ থানা এলেকাৰ ১ নং ভেৰুৱা দলগাৱৰ বাসিন্ধা।

লগতে পঢ়ক – বীৰভূম হত্যাকাণ্ডৰ তদন্ত চি বি আইক অৰ্পন কলিকতা উচ্চ ন্যায়ালয়ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply