কমাৰগাঁও, চন্দন বৰা: হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত। জিলাখনৰ খুমটাইৰ বিভিন্ন অঞ্চলত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ।

বনৰীয়া হাতীয়ে নিদ্ৰাহৰণ কৰিছে কেইবাখনো ঘন জনবসতিপূৰ্ণ গাঁৱৰ গঞা ৰাইজৰ। শনিবাৰে নিশা খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত সোনাৰী গাঁৱত দুটা বনৰীয়া হাতীয়ে ইন্দানুশ শইকীয়াৰ কৃষি পামত উপদ্ৰৱ চলোৱাৰ লগতে শইকীয়াৰ গৰু গোহালী,হাঁহ কুকুৰা, ছাগলী ঘৰ ভাঙি চুৰমাৰ কৰে।

ইয়াৰ উপৰি হাতীৰ গছকত শইকীয়াৰ এটা বলধ গৰুৰ মৃত্যু হয়। আনহাতে হাতী দুটাই ইন্দানুষ শইকীয়াৰ মৌপালন ভাঙি গছকি চুৰমাৰ কৰাৰ লগতে শাকপাচলি বাৰীত খাই গছকি নষ্ট কৰে।

ইফালে কৃষি কৰ্মৰ জৰিয়তে পৰিয়াল পো-পালন দিয়া শইকীয়াৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে যদিও বন বিভাগৰ কোনো লোকে খবৰ ল’বলৈ নোযোৱাত ক্ষোভ প্ৰকাশ কৰিছে কৃষক গৰাকীয়ে।

লগতে পঢ়ক –  উদূলি মুদুলি পৰিবেশ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ম’হঘূলিৰ বাকৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply