বোকাখাত, উত্তম কুমাৰ শৰ্মা: বিপন্ন জীৱ-জন্তুৰ ত্ৰাণকৰ্তাস্বৰূপ তথা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অহৰহ কাম কৰি অহা কাজিৰঙাৰ পৰিৱেশকৰ্মী মনোজ গগৈৰ পৰিচৰ্যাত এইবাৰ সুস্থ হৈ উঠিল পথাৰৰ মাজত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা এটা আকুহী বগ (Glossy Ibis)।

বিৰল প্ৰজাতিৰ চৰাইটো যোৱা ১০ মাৰ্চত কাজিৰঙাৰ গোসাঁনীবৰ গেলেকি অঞ্চলৰ এখন পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল এজন স্থানীয় লোকে। অনুমান কৰা মতে পথাৰৰ মাজেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দা মৰাৰ ফলতেই আঘাতপ্ৰাপ্ত হৈছিল চৰাইটো।

অৱশ্যে পৰৱৰ্তী সময়ত প্ৰকৃতিপ্ৰেমী মনোজ গগৈক অৱগত কৰা হয় চৰাইটোৰ সন্দৰ্ভত। কপাল আৰু ডেউকাত গুৰুত্বৰভাৱে আঘাত পোৱা চৰাইটোক প্ৰায় ২০ দিনৰ প্ৰতিপালনৰ অন্তত সুস্থ কৰি তোলে কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী যুৱক গৰাকীয়ে।

গগৈৰ পৰিচৰ্যাৰ ফলত অৱশেষত প্ৰকৃতিৰ বুকুলৈ ঘূৰি যাবলৈ সক্ষম হ’ল আকুহী বগ (Glossy Ibis) চৰাইটো।

উল্লেখযোগ্য যে বিগত বহু বছৰৰ পৰাই বিপন্ন জীৱ জন্তুৰ পৰিচৰ্যা কৰি অহা প্ৰকৃতিপ্ৰেমী গৰাকীয়ে এইপৰ্যন্ত পাঁচ হাজাৰৰো অধিক দুৰ্গত বন্যপ্ৰাণীৰ উদ্ধাৰৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি আহিছে।

লগতে পঢ়ক – ধন দাবী কৰি সোণাৰিত আটক নগা উগ্ৰপন্থী কেডাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply