বোকাখাত, উত্তম কুমাৰ শৰ্মা: অসম চুক্তিৰ আধাৰত তথা চহিদৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হোৱা শোধনাগাৰটোক একাংশ শীৰ্ষ বিষয়াই লুটিপুতি খাই পংগু কৰি পেলোৱাৰ লগতে মইমতালিৰে বহিঃ ৰাজ্যৰ লোকক অগ্ৰাধিকাৰ প্ৰদান কৰি থলুৱাক বঞ্চনা কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।
শেহতীয়াকৈ শোধনাগাৰটোত পুনৰ থলুৱাক বঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে।
“শোধনাগাৰটোত কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হৈছে থলুৱা নিৱনুৱাসকল। ইয়াৰ পৰিৱৰ্তে আমদানিকৃত শ্ৰমিকেৰে ভৰি পৰিছে শোধনাগাৰটো”- এই অভিযোগ গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ লগতে নুমলীগড় শোধনাগাৰৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ।
শোধনাগাৰ কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰোধিতাত মঙলবাৰে শোধনাগাৰটোৰ মুখ্যদ্বাৰত গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থা আৰু নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ লগতে কেইবাটাও শ্ৰমিক ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে বহু প্ৰত্যাশিত নুমলীগড় শোধনাগাৰৰ নতুন সম্প্ৰসাৰণৰ কামতো ঠিকাদাৰ প্ৰতিষ্ঠান সমূহে বহিঃ ৰাজ্যৰ শ্ৰমিক নিয়োজিত কৰাৰ লগতে কৰ্মৰত শ্ৰমিকসকক একেই কামৰ বিপৰীতে সমহাৰত পাৰিশ্ৰমিক প্ৰদান নকৰাৰ উপৰিও শোধনাগাৰটোত নিয়োজিত ৯০% শ্ৰমিকৰে স্বাস্থ্য বীমাৰ ব্যৱস্থা নকৰা তথা অন্যান্য সা-সুবিধাৰ ক্ষেত্ৰতো থলুৱা শ্ৰমিক সকলক বঞ্চিত কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।
প্ৰতিবাদী শ্ৰমিকসকলে স্থানীয় নিৱনুৱাসকলক সংস্থাপন প্ৰদান, বহিৰাগত শ্ৰমিক নিয়োগ বন্ধ কৰা, স্বাস্থ্যবীমা প্ৰদান আদি বিভিন্ন দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদী সভাখনত নুমলীগড় শোধনাগাৰ পেট্ৰলিয়াম মজদুৰ ইউনিয়ন, মটৰ চালক ইউনিয়ন, আসাম বায়’ ৰিফাইনেৰী কনষ্ট্ৰাকচন কন্টেকচুৱেল ৱকাৰ্চ ইউনিয়নেও সহযোগিতা আগবঢ়ায়।
ইফালে শ্ৰমিক সংগঠন কেইটাই কৰা দাবী মানি নল’লে অচিৰেই শোধনাগাৰৰ মুখ্যদ্বাৰ বন্ধ কৰি দিয়াৰ লগতে ধাৰাবাহিক প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে শ্ৰমিক সংগঠনকেইটাই।
লগতে পঢ়ক – ভ্লাডিমিৰ পুটিনৰ পৰা টাইকোৱাণ্ডোৰ ব্লেক বে’ল্ট সন্মান খাৰিজ