নিউজ ডেস্ক- কালি গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত হোটেল গেটৱে গ্রেণ্ডিউৰত অসম মল্লযুঁজ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নতুন কমিটীখন গঠন কৰা হয়। উক্ত সভাখনত অসমৰ ২৫ খন জিলাৰ পৰা অহা দুগৰাকীকৈ নির্বাচিত প্রতিনিধিয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, বিটার্নিং বিষয়া অধিবক্তা জ্যোতিনাৰায়ণ শ‍ইকীয়াই নৱনিৰ্বাচিত সমিতিখন সকলোৰে উপস্থিতিত ঘোষণা কৰে।

অসম মল্লযুঁজ সন্থাৰ প্রাক্তন সভাপতি মন্ত্রী পীযূষ হাজৰিকাক মুখা পৃষ্ঠপোষক আৰু উজ্জ্বল বৰুৱাক উপদেষ্টা, ৰাতুল শৰ্মাক সভাপতি, গৌৰাংগ ৰয়ক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক বৰ্ষৰ বাবে নতুন কমিটী গঠন কৰা হয়।

আনহাতে কোষাধ্যক্ষ পদত অবিনাশ দাস, উপ-সভাপতি অভিজিৎ কুমাৰ নাথ, বাবুল খান, আকাশ ফুকন, বিনোদ কুম্বাং যুটীয়া সম্পাদক সিধাংকু অংকুৰ বৰুৱা, নাৰায়ণ বসুমতাৰী, ধনেশ্বৰ বসুমতাৰী, কংকণ দত্ত নির্বাচিত হয়। কার্যবাহী সদস্য ক্রমে জনপ্ৰতিম বৰা, প্রিন্স মুণ্ডা, মোহন কছাৰী, নৱজ্যোতি বৰুৱা, সাগ্নিক গুপ্তা আৰু দীপাংকৰ মজুমদাৰ। উক্ত সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ পৰ্যবেক্ষক ধ্ৰুৱজ্যোতি কলিতা, ক্রীড়া সহকাৰী সঞ্চালক বিধান দাস, ৰিটার্নিং বিষয়া অধিবক্তা জ্যোতিনাৰায়ণ শ‍ইকীয়া উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply