আমিনগাঁও : শুকুৰবাৰৰ পৰা অহা ২৭ জুলাইলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম যুৱ অলিম্পিক ক্রীড়াৰ অগ্নি শিখা কঢ়িয়াই অনা দলটোক বৃহস্পতিবাৰে কামৰূপ জিলা ক্রীড়া সন্থা আৰু কামৰূপ জিলা প্রশাসনৰ তৰফৰ পৰা উষ্ম আদৰণি জনােৱা হয়। এই উপলক্ষে কামৰূপ জিলা ক্রীড়া সন্থাৰ উদ্যোগত তথা জিলা প্রশাসনৰ সহযােগত আমিনগাঁওস্থিত সংহত জিলা উপায়ুক্ত কার্যালয় চৌহদত এক বিশেষ আদৰণি অনুষ্ঠানৰ আয়ােজন কৰা হয়। উল্লেখ্য যে ৰাজ্যখনৰ যুৱ ক্রীড়াবিদ সকলৰ প্রতিভা বিকশাই তােলাৰ লক্ষ্যৰে অসম অলিম্পিক সন্থাৰ উদ্যোগত এই যুৱ অলিম্পিক ক্রীড়াৰ আয়ােজন কৰা হৈছে।
অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক হীৰেণ গগৈৰ নেতৃত্বত অহা এই অসম যুৱ অলিম্পিক ক্রীড়াৰ অগ্নি শিখা ধেমাজি জিলাৰ পৰা আৰম্ভ হৈ ৭ খন জিলা অতিক্ৰম কৰি বৃহস্পতিবাৰে কামৰূপ জিলাত প্ৰৱেশ কৰে। আদৰণি অনুষ্ঠানৰ পিছতে অগ্নি শিখা পুনৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটীলৈ ৰাওনা হয়। অসম অলিম্পিক ক্রীড়াৰ অগ্নি শিখা কঢ়িয়াই অনা দলটোক আদৰণি জনােৱা অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক হীৰেণ গগৈ, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰায়, জিলা উন্নয়ন আয়ুক্ত নৰসিং বেই খেলুৱৈ সকলক প্ৰেৰণা প্রদানেৰে বক্তব্য প্রদান কৰে।
লগতে পঢ়ক – উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বাক্সা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতা
অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সিদ্ধার্থ গােস্বামী, সহকাৰী আয়ুক্ত অম্বৰিশ বড়া, কৌস্তভ ৰায়, আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিক খেলুৱৈ স্নেহা ভৰালী, আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডাে খেলুৱৈ মৈত্রী শর্মা, টাইকোৱানডােৰ আন্তঃৰাষ্ট্রীয় ৰেফাৰী দিগন্ত বৰা, আন্তঃৰাষ্ট্রীয় পদক প্রাপ্ত কাৰাটে খেলুৱৈ দিপাংকৰ মজুমদাৰ, কামৰূপ জিলা ক্রীড়া সন্থাৰ সম্পাদক প্রাঞ্জল বঢ়াগােহাঁই, যুটীয়া সম্পাদক ধীৰেণ দাস প্রমুখ্যে গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।