গুৱাহাটী : সম্প্ৰতি সফলতাৰে চলিত অসম যুৱ অলিম্পিক, ২০২২ ৰ সামৰণি অনুষ্ঠান বুধবাৰে অৰ্থাৎ ২৭ জুলাই তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত থাকিব। বহুমুখী অসম যুৱ অলিম্পিক, ২০২২ হৈছে বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰতিযোগিতাত উজলি উঠিব পৰাকৈ উন্নত প্ৰদৰ্শনৰ বাবে ৰাজ্যখনৰ যুৱ ক্ৰীড়া প্ৰতিভাসমূহক পূৰ্বৰেপৰাই প্ৰস্তুত কৰি তোলা আৰু এখন আকাংক্ষিত ক্ৰীড়া মঞ্চ গঢ়াৰ প্ৰথম প্ৰয়াস।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত অসম অলিম্পিক সন্থাই এই ব্যাপক অনুষ্ঠানৰ আয়োজন কৰিছে। ২২ জুলাইৰ পৰা ২৭ জুলাইলৈ আয়োজিত ছয়দিনীয়া এই বিশাল ক্ৰীড়া প্ৰতিযোগিতাত ৬০০ গৰাকী স্বেচ্ছাসেৱক নিয়োজিত হোৱাৰ লগতে ৩৫ খন জিলাৰ ৪,৫০০ৰো অধিক খেলুৱৈয়ে ৩৫ টা খেলত অংশগ্ৰহণ কৰিছে। গুৱাহাটীৰ মুঠ ১৩ টা ক্ৰীড়া স্থানত অসম যুৱ অলিম্পিকৰ আয়োজন কৰা হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি সংবাদ মাধ্যমক সম্বোধন কৰে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে আৰু কয়, “আমি এই বিশাল ক্ৰীড়া প্ৰতিযোগিতাৰ অন্তিম পৰ্যায়ত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিতত সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত চলাই আছোঁ। বতৰৰ পূৰ্বানুমান আৰু বৰষুণৰ সম্ভাৱনাৰ বাবে সামৰণি অনুষ্ঠানৰ স্থান হিচাপে নিৰ্ধাৰণ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক। মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু অনুৰাগ সিং ঠাকুৰে এই বহু শৃংখলাবদ্ধ ক্ৰীড়া প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত তেওঁলোকৰ উপস্থিতি নিশ্চিত কৰিছে।”

অসম যুৱ অলিম্পিক, ২০২২ ৰ মুখ্য আকৰ্ষণ আৰু সফলতাৰ বিষয়ে উল্লেখ কৰি লক্ষ্য কোঁৱৰে লগতে কয়, “অসম যুৱ অলিম্পিক, ২০২২ ক এক বৃহৎ সফলতা প্ৰদানত অকুণ্ঠ সহযোগিতা আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে আমি খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়া বিষয়া, স্বেচ্ছাসেৱক, সহায়ক কৰ্মচাৰী আৰু সংবাদ মাধ্যমৰ বন্ধুসকলৰ লগতে সংশ্লিষ্ট সকলোকে ধন্যবাদ জনাব বিচাৰোঁ। আমি আশা আৰু বিশ্বাস কৰোঁ যে, এই প্ৰতিযোগিতাখনে ৰাজ্যখনৰ খেলুৱৈ সকলৰ আত্মবিশ্বাস, মনোবল আৰু পেছাদাৰিতা বৃদ্ধি কৰাত সহায় কৰিব আৰু তেওঁলোকৰ প্ৰদৰ্শনক উৎকৃষ্ট কৰাৰ এক অতি প্ৰয়োজনীয় মঞ্চ তৈয়াৰ কৰিব। ইয়াৰ জৰিয়তে দেশৰ ক্ৰীড়া মানচিত্ৰত অসম সগৌৰৱে জিলিকি উঠাৰ পথ অধিক প্ৰশস্ত হ’ব আৰু ৰাজ্যখন ক্ৰীড়াৰ শক্তিকেন্দ্ৰৰূপে পৰিগণিত হ’ব।” ইফালে প্ৰতিযোগিতাত মঙলবাৰৰ দিনটোলৈকে পদক তালিকাত গুৱাহাটীয়ে ৯৮ টা পদকৰ অপৰাজিত অগ্ৰগতিৰ সৈতে শীৰ্ষ স্থান বজাই ৰাখিছে যাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে ৩০ টা সোণ, ৩৩ টা ৰূপ আৰু ৩৫ টা ব্ৰঞ্জৰ পদক।

লগতে পঢ়ক –  দীঘলিপুখুৰীত কাৰ্গিল বিজয় দিৱসত মন্ত্ৰী পীযুষ হাজৰীকা

আনহাতে কামৰূপে ১৩ টা সোণ, ৮ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জৰ পদকসহ মুঠ ৩৪ টা পদক লাভ কৰি দ্বিতীয় স্থান অটুট ৰাখিছে। তদুপৰি, তিনিচুকীয়াই ১০ টা সোণ, ৫ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৯ টা পদক লাভ কৰি তৃতীয় স্থানত আছে। ইয়াৰোপৰি, কাৰ্বি আংলঙে ৯ টা সোণ, ৪ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৬ টা পদক লাভ কৰি চতুৰ্থ স্থানত আছে। ৭ টা সোণ, ৮ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জসহ মুঠ ২১ টা পদক লাভ কৰি যোৰহাটে অক্ষুণ্ণ ৰাখিছে পঞ্চম স্থান। অসম যুৱ অলিম্পিকে ইয়াৰ প্ৰায় অন্তিম পৰ্যায়ত প্ৰৱেশ কৰাৰ মঙলবাৰৰ দিনটোত ড্ৰেগন ব’ট, চেপাক টাক্ৰো, ৱুছু, মল্লযুঁজ, এথলেটিকছ্ আৰু ভাৰোত্তোলনৰ দৰে ৰোমাঞ্চকৰ ইভেণ্টবোৰত খেলুৱৈসকলে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি ক্ৰীড়াপ্ৰেমীক মোহাচ্ছন্ন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply