প্ৰবীণ বৰুৱা, মঙলদৈ: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন ২৭ নৱেম্বৰত চপাই যুব কল্যাণ কেন্দ্ৰ, মঙলদৈ প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়।
অধিৱেশনৰ প্ৰতিনিধি সভা উদ্বোধন কৰি পৰিষদৰ মুখ্য উপদেষ্টা কমল ভৰালীয়ে কয় যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনেহে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ ভাষিক, সংস্কৃতি, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব ।
লগতে তেখেতে কয় যে বৰ্তমানৰ চৰকাৰখনে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ধৰ্মৰ নামত মেৰুকৰণেৰে মূল সমস্যাৰ পৰা জনসাধাৰণক আতৰাই ৰাখিছে।
অধিৱেশনত দৰঙৰ মুঠ সাতখন আঞ্চলিক সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰতিনিধি সভাই যুৱ-ছাত্ৰ পৰিষদৰ সাংগঠনিক দিশত আলোচনা কৰাৰ লগতে দৰং জিলাৰ মুল সমস্যাবোৰ সমাধান কৰিবলৈ চৰকাৰক হেচা প্ৰয়োগ কৰিবলৈ কৌশল গ্ৰহণ কৰে।
নিশালৈ অনুষ্ঠিত বিষয় বাছনি সভাত ২০২২ /২০২৪ বৰ্ষৰ কাৰ্য্যকালৰ বাবে পংকজ ডেকাক সভাপতি, দোলেন নাথক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ছয়ত্ৰিশ জনীয়া জিলা কাৰ্যনিৰ্বাহ সমিতি গঠন কৰা হয়।
প্ৰতিনিধি সভাত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে পৰিষদৰ যুটীয়া সম্পাদক প্ৰণৱ জ্যোতি কলিতা আৰু সাংগঠনিক সম্পাদক মুকুট দাসৰ লগতে যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি ভবেশ কাকতি আৰু উপদেষ্টা কমৰুল হক। সভাই দিগন্ত ডেকাক কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য হিচাপে মনোনীত কৰে।
লগতে পঢ়ক – উজনিৰ সভাপতি লাগে ৰাজ্যিক বিজেপিক; কোনে ল’ব ভৱেশ কলিতাৰ স্থান?