নিউজ ডেস্ক- আন্তৰাষ্ট্ৰীয় ক্ৰিয়াত পুনৰ জিলিকিল অসম সন্তান। ৪-৭ জুনলৈ অনুষ্ঠিত হৈছিল ২০ সংখ্যক এছিয়ান অনূর্ধ্ব- ২০ এথলেটিকছ চেম্পিয়নশ্বিপ।
ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ মেহদী হাছানে দক্ষিণ কোৰিয়াৰ য়েচানত অনুষ্ঠিত ২০ সংখ্যক এছিয়ান অনূর্ধ্ব- ২০ এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ ১৫০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিছে। কালি প্রতিযোগিতাখনৰ অন্তিম দিনা মেহদী হাছানে ৩ঃ৫৬.০২ ছেকেণ্ড সময়ৰে ১৫০০ মিটাৰৰ ফাইনেলত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, মেহদী হাছানে ২৮-৩০ এপ্রিলত তামিলনাডুত অনুষ্ঠিত ২১ সংখ্যক ৰাষ্ট্ৰীয় ফেড কাপ অনূর্ধ্ব-২০ জুনিয়ৰ এথলেটিকছ চেম্পিয়শ্বিপত ল’ৰাৰ ১৫০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰিছিল।