নিউজ ডেস্ক: ৰত্নাকৰৰ ব্যাপক সফলতাৰ দুটা বছৰৰ পাছত যতীন বৰাই নতুন প্ৰয়াসৰে পুনৰ অসমীয়া চিনেমা জগতত মুক্তি দিবলৈ গৈ আছে ৰাঘৱ। JB Productions ৰ দ্বিতীয়টো নিবেদনৰ ছবি “ৰাঘৱ” ৰ অফিচিয়ে পোষ্টাৰ আৰু প্ৰথম টো গীত মুকলি কৰা হৈছে। শুক্ৰবাৰে সন্ধিয়া, খানাপাৰা ভেটেইনেৰী ফিল্ডত অনুষ্ঠিত হৈ থকা ফেষ্টিভেল ৰঙালীৰ বৃহত্তৰ মঞ্চত মুক্তি দিয়া হয়।

ছবিখনৰ পোষ্টাৰ আৰু প্ৰথমটো গীত মুকলি কৰা সময়ত ছবিখনৰ পৰিচালক তথা অভিনেতা যতীন বৰাৰ লগতে জুবিন গাৰ্গ, মৃদুলা বৰুৱা, শান্তা উজিৰ, নিশিতা গোস্বামীৰ লগতে অন্যান্য কলা-কৌশলী সকল উপস্থিত থাকে।

মুকলি হোৱা প্ৰথম গীতটিৰ নাম “মা অ’ মা”। দিগন্ত ভাৰতীৰ কথা ,জুবিন গাৰ্গৰ সংগীত, লগতে জুবিন গাৰ্গ, শান্তা উজীৰ কণ্ঠত মুক্তি লাভ কৰে ৰাঘৱৰ গীতটি।

ৰাঘৱ চিনেমাখনৰ বিষয়ে কিছু,

ছবিখনত অভিনয় কৰিছে, যতীন বৰা, মৃদুলা বৰুৱা, নিশিতা গোস্বামী, হিৰণ্য ডেকা, বিভুতি ভূষণ হাজৰিকা, চিন্ময় কাকতি, জীৱিততেশ মজুমদাৰ আৰু চুমি বৰা।

সংগীত প্ৰযোজক -জুবিন গাৰ্গ

গীত – জুবিন গাৰ্গ, দিগন্ত ভাৰতী, ৰাহুল গৌতম শৰ্মা

গায়ক- জুবিন গাৰ্গ, শান্তা উজিৰ, মহালক্ষ্মী আয়াৰ, জুবলি, প্ৰবিন বৰা

কাহিনী, চিত্ৰনাট্য, সংলাপ -অভিজিত ভট্টাচাৰ্য

প্ৰযোজনা- নৱনিতা শৰ্মা বৰা, যতীন বৰা

পৰিচালনা- যতীন বৰা

লগতে পঢ়ক – ভাৰতৰ Asia Cup মেচ সমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰিবলৈ PCB ৰ ‘হাইব্ৰিড মডেল’ৰ প্ৰস্তাৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply