গুৱাহাটী– যোৱা বছৰৰ পহিলা ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ ৩০নৱেম্বৰলৈ সীমান্ত বাহিনীয়ে এবছৰত জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ২৪,০৬০ টা গৰু। মঙলবাৰে বি এছ এফৰ ৫৬ সংখ্যক প্ৰতিস্থাপন দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত আয়োজিত বাৰ্ষিক সংবাদ মেলত এই মন্তব্য আগবঢ়ায় আই জি ৰাজেশ কুমাৰে।

‘বাংলাদেশলৈ গৰুকে ধৰি চোৰাং সামগ্ৰী সৰবৰাহ কৰা অৱস্থাত বাংলাদেশ সীমান্তত ২৭৭ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে ২৭৭ জন অপৰাধীৰ ভিতৰত ৩২ জন বাংলাদেশী আৰু ২৪৫ জন ভাৰতীয় । ইয়াৰ লগতে এবছৰৰ ভিতৰত সীমান্তত প্ৰায় ২২ কোটি টকাৰ ফেন্সিডাইলকে ধৰি বহু নিচাযুক্ত জব্দ কৰে সীমান্ত বাহিনীয়ে।’

আই জি ৰাজেশ কুমাৰে লগতে কয় ‘গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলা , পশ্চিমবংগৰ কোঁচবিহাৰ জিলাত তিনিটা চেক্টৰৰ জৰিয়তে মুঠ ১১ টা বেটেলিয়ান বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কাৰ্যত নিয়োজিত হৈ আছে। বানপানী ,খহনীয়াকে ধৰি বহু ভৌগোলিক জটিলতা নেওচি বি এছ এফৰ জোৱান সকলে দিনে নিশাই সীমান্তত পহৰা কাৰ্যত নিয়োজিত হৈ আছে ।’

বি এছ এফে সীমান্তত পহৰা কাৰ্যত নিয়োজিত হৈ থকাৰ সমান্তৰালভাৱে সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশহিচাপে স্বাস্থ্য পৰীক্ষা শিবিৰ , গছপুলি ৰোপন অভিযান , স্বচ্ছ ভাৰত অভিযানৰ উপৰিও বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে বুলি আই জি ৰাজেশ কুমাৰে সদৰি কৰে । সংবাদ মেলত বি এছ এফৰ কেবাজনো বিষয়া উপস্থিত থাকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply