আইপিএলৰ নিলামত অসমৰ ৰাজাকুদ্দিন আৰু ছাহিল

নিউজ ডেস্ক: দেশৰ অন্যতম জনপ্ৰিয় ক্ৰিকেট প্ৰতিযোগিতা আইপিএলৰ বাবে নিলাম আজি অনুষ্ঠিত হ’ব চেন্নাইত | এইবাৰ মুঠ ২৯২ খেলুৱৈৰ ভিতৰত ৬১ গৰাকীৰহে ভাগ্য মুকলি হব আজিৰ নিলামত | কাৰণ ৮ টা ফ্ৰেনচাইজীৰ মাত্ৰ ৬১গৰাকী খেলুৱৈৰ হে স্থান বাকী আছে |

এইবাৰৰ নিলামত অসমৰ বিস্ফোৰক বেটচমেন তেজপুৰৰ ৰাজাকুদ্দিন আহমেদ আৰু গুৱাহাটীৰ ছাহিল জৈন আছে | মুঠ ১১০০ গৰাকী খেলুৱৈৰ নাম নিলামৰ বাবে পঞ্জীয়ন কৰিছিল যাৰ মাজৰ পৰা ২৯২ গৰাকীক বাচনি কৰিছিল | উত্তৰ পূবৰ আনজন নিলামত থকা খেলুবৈ হ’ল নাগালেন্ডৰ লেগ স্পীনাৰ খ্ৰেইভিষ্ট কেনছে | ডিমাপুৰৰ ১৭ বছৰীয়া যুবক ক্ৰিকেটাৰ জনৰ বেছ মূল্য নিদ্ধাৰন কৰা হৈছে ২০ লাখ |

নিলামৰ বাবে সাজু হোৱা ২৯২ গৰাকী খেলুৱৈৰ ভিতৰত ১৬৪ গৰাকী ভাৰতীয়, ১২৫ গৰাকী বিদেশী আৰু তিনিগৰাকী এছ’চিয়েট দেশৰ খেলুৱৈও আছে | নিলামলৈ সাজু সকলৰ ভিতৰত আছে শচীন তেন্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেন্ডুলকাৰ | খেলুৱৈ কিনিবৰ বাবে সৰ্বাধিক ধন থকা দলটো হ’ল কিংছ ইলেভেন পঞ্জাব ,যাৰ হাতত আছে ৫৩.২০ কোটি টকা |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply