আলফাৰ নামত ধনদাবী কৰি ৰঙাঘৰ পালে এজন

ধূপধৰা – আলফাৰ নামত ধনদাবী কৰি ৰঙাঘৰ পালে এজন। আলফাৰ নামত ধনদাবী কৰি গোৱালপাৰা জিলাৰ ধূপধৰাত ৰঙ ঘৰৰ আলোহী হ’ব লগীয়া হ’ল এজন আদহীয়া লোক। চি চি টিভি কেমেৰাই কাল হ’ল ধনদাবী কৰা লোকজনৰ বাবে।

ধূপধৰাৰ মিলন সংঘ প্ৰাংগণত থকা দ্ৰোণ মেডিকেল ষ্টোৰৰ স্বতাধিকাৰী পিংকু পদ্দাৰক তিনি লাখ টকা দাবী কৰি কোনো নথকা অৱস্থাত দ্ৰোণ মেডিকেল ষ্টোৰত ধন দাবী পত্ৰখন পেলাই গৈছিল গৌতম গুপ্তা নামৰ এজন লোক। মেডিকেল ষ্টোৰখনত থকা চি চি টি ভি কেমেৰাত উক্ত ধনদাবী পত্ৰখন গৌতম গুপ্তাই পেলাই থৈ যোৱা বুলি নিশ্চিত হোৱাত পিংকু পদ্দাৰে বিষয়টিৰ সন্দৰ্ভত মিলন সংঘৰ বিষয় ববীয়াক অবগত কৰে।

পৰৱৰ্তী সময়ত মিলন সংঘৰ বিষয় ববীয়া সকলে ঘটনা সম্পৰ্কে ধূপধৰা আৰক্ষী থানাত অৱগত কৰাত ধূপধৰাৰ আৰক্ষীৰ দল এটাই ধূপধৰাৰ কলিতাপাৰাৰ পৰা গৌতম গুপ্তাক আটক কৰি প্ৰাথমিক তদন্তৰ পিছতে পিংকু পদ্দাৰে দিয়া এজাহাৰৰ ভিক্তিত এক গোচৰ ৰুজু কৰি গোৱালপাৰা জেল হাজোতলৈ গৌতম গুপ্তাক প্ৰেৰণ কৰে।

উল্লেখ্য যে আলফা অথবা অন্য সংগঠনৰ নামত ধনদাবীৰ ঘটনা বিভিন্ন সময়ত সংঘটিত হৈ থকা দেখিবলৈ পোৱা যায়। সহজে ধন ঘটাৰ আশাত একাংশ লোকে ধনদাবীৰ পথ অৱলম্বন কৰে। ধূপধৰাত এনেধৰণৰ ধনদাবীৰ ঘটনা সংঘটিত হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply