উত্তৰপূবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক: অসম আৰু মেঘালয়ত দুদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূবলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ। শণিবাৰে খানাপাৰাত থকা চি আৰ পি এফৰ গ্ৰুপ চেন্টাৰত হব লগীয়া কেন্দ্ৰীয় পেৰামিলিটেৰী বাহিনীৰ বাবে আয়ুম্মান ভাৰত হেল্থকেয়াৰ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত অংশ ল’ব | এই অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা: হৰ্ষ বৰ্দ্ধনেও অংশ ল’ব |

ইয়াৰ পিছতে শ্বিলঙত হ’বলগীয়া NECৰ বৈঠকত অংশ ল’ব অমিত শ্বাহে। দেওবাৰে পুৱাৰ ভাগত অসমত উপস্থিত হৈ গৃহমন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰত বি টি আৰ প্ৰথম বাৰ্ষিক অনুষ্ঠানত অংশ ল’ব | এই অনুষ্ঠানৰ বাবে বি টি আৰ প্ৰশাসনে আয়োজন সম্পূৰ্ণ কৰিছে | গৃহমন্ত্ৰী গৰাকীয়ে নলবাৰীৰ কেন্দুকুছিত হ’বলগীয়া বিজেপিৰ এখন বিশাল জনসভাতো সম্বোধন কৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply