শিলচৰ:- কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে  দেশৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ  হাতত লৈছে বিশেষ পদক্ষেপ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ সৈতে দেশৰ আন প্ৰান্তৰে যোগাযোগ ব্যৱস্থা টনকিয়াল কৰাৰ দিশত কেন্দ্ৰীয় চৰকাৰ ল’বলৈ আগবাঢ়িছে বৃহৎ পদক্ষেপ। বৰদিনৰ দিনাই আধাৰশিলা স্থাপন কৰে বহিঃৰাজ্যৰ সৈতে অসম সংযোগী  ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ।

শিলচৰত ৰাষ্ট্ৰীয় পথৰ আধাৰশিলা

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ তত্বাৱধানত আৰম্ভ হ’বলগীয়া এই প্ৰকল্পত ব্যয় হ’ব ২,৩৬৬ কোটি টকা। এই পথ সমূহৰ দৈৰ্ঘ্য হ’ব ৪৩৯কিলোমিটাৰ। শুকুৰবাৰে দিনৰ ১ বজাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকৰীয়ে শিলচৰত আধাৰশিলা স্থাপন কৰে এই প্ৰকল্পৰ। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস , অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পান্ডা সহ বহু লোক উপস্থিত থাকে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply