কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁট বন্ধনৰ মোহৰ মৰা মুহূৰ্তত

গুৱাহাটী: অবশেষত কংগ্ৰেছে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে AIUDFৰ সৈতে মিত্ৰতাৰ মোহৰ মাৰিলে | কংগ্ৰেছৰ ভিতৰচ’ৰাত এই মিত্ৰতাক লৈ যোৱা সময়চোৱাত বাদবিবাদ হৈ থকাৰ পিছতো কংগ্ৰেছে এই সিদ্ধান্তত সন্মতি প্ৰদান কৰে |

বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ মহাজোঁট একমাত্ৰ উপায় হিচাবে বিবেচনা কৰে কংগ্ৰেছ দলে | নবগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে AIUDF দৰে সাম্প্ৰদায়িক দলৰ সৈতে কোনো সম্পৰ্ক নৰখাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে সেই দলৰ সম্পৰ্কত থকা সকলৰ সৈতেও সম্পৰ্ক নাৰাখে বুলি প্ৰকাশ কৰাৰ পিছতেই এই মহাজোঁট গঠন কৰাত কংগ্ৰেছে উদ্যোগ লয় |

আঞ্চলিক গণ মৰ্চা, AIUDF ৰ সৈতে এইবাৰ ২০২১ত একেলগে নিৰ্বাচন খেলিব কংগ্ৰেছে। বাঁওমৰ্চা, আঞ্চলিক গণ মৰ্চাও থাকিব এই মহাঁজোটত ।

মহাজোঁট সন্দৰ্ভত কংগ্ৰেছৰ নেতা ৰিপুন বৰাই কয় যে এতিয়ালৈকে এই দল কেইটাৰ মাজত মিত্ৰতা হয় আৰু এতিয়াও দুৱাৰ খোলা আছে কোনোবা আগ বাঢ়ি আহিলে আমি আদৰি ল’ম।

বহুদিনৰ পৰা মিত্ৰতা সন্দৰ্ভত কুচকাৱাজ চলি থকাৰ পিছতেই আজি মহাজোঁট সন্দৰ্ভত ঘোষণা হয় | ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, নিখিল ভাৰত কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক মুকুল ৱাচনিক , সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্রেছ কমিটিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং , সম্পাদক চাকিল আহমেদ খানৰ উপস্থিতিত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আৰ এছ এছ আৰু বিজেপি বিৰোধী ৰাজনৈতিক দল চিপিআই (এম), চিপিআই, চিপিআই (এম এল), আঞ্চলিক গণ মৰ্চা আৰু এ আই ইউ ডি এফৰ নেতৃত্বক এখন মঞ্চত বহুৱাই আনুষ্ঠানিক ভাৱে মহাজোট বন্ধন গঠন কৰাৰ কথা ঘোষণা কৰে | আলোচনাৰ অন্তত আজি মহাজোট বন্ধনত অন্তৰ্ভুক্ত প্ৰতিটো দলৰ নেতৃত্বই যুটীয়া ভাৱে এখন সংবাদমেল সম্বোধন কৰে। AIUDFৰ ফালৰ পৰা যোৱা সময়ছোৱাত তেওলোকৰ মাজত মিত্ৰতা হ’ব বুলিয়েই প্ৰচাৰ কৰি আহিছিল |

আঞ্চলিক গণ মৰ্চাৰ অজিত কুমাৰ ভূঞাই কয়, “কংগ্ৰেছ, AIUDF, বাওঁপন্থী দলসমূহৰ লগত আঞ্চলিক গণ মৰ্চাৰ মিত্ৰতা চূড়ান্ত হৈছে। সকলোৱে একত্ৰিত হৈ বিজেপি নেতৃত্বাধীন সাম্প্ৰদায়িক শক্তিবোৰক প্ৰতিহত কৰিব পাৰিম বুলি আমি বিশ্বাসী। অসমৰ সকলো জনগোষ্ঠীৰ জনসাধাৰণে আমাক এই ক্ষেত্ৰত বিশ্বাসেৰে আকোৱালি ল’ৱ বুলি আমি আশাবাদী। আগন্তুক দিনত অসম আৰু অসমীয়াৰ অস্ত্বিত্ব ৰখা কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply