ভোটগণনাৰ অন্তত সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমক অবগত কৰে

নগাঁও- উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় আৰু সামাজিক সংগঠন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক দুটা বৰ্ষৰ বাবে পদাধিকাৰ হিচাপে দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত হৈছে কমলাকান্ত গগৈ । নগাঁও চহৰৰ কলংপাৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুল কাৰ্যালয়ত সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত ভোট গননাৰ অন্তত ১৭৬০ টা ভোট লাভ কৰি ৯৭৮ ভোটৰ ব্যৱধানত কমলাকান্ত গগৈ সংঘৰ পদাধিকাৰ হিচাপে পুনৰ নিৰ্বাচিত হৈছে ।

যোৱা অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা পদাধিকাৰ পদৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পিছত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত থকা সংঘৰ ৩ হাজাৰ ৬৫ খন প্ৰাথমিকে ভোট দান সাব্যস্ত কৰাৰ পাছত সংবিধান অনুসৰি সংঘৰ মূল কাৰ্য্যালয়ত এই ভোট গননা প্ৰক্ৰিয়া অনুষ্ঠিত হয় । উল্লেখযোগ্য যে- পদাধিকাৰ হিচাপে প্ৰতিদ্বন্দিতাত অবতীৰ্ণ হৈছিল ক্ৰমে- ডিব্ৰুগড় জিলাৰ কমলাকান্ত গগৈ, গোলাঘাট জিলাৰ পবিত্ৰ প্ৰান বৰা আৰু মৰিগাঁও জিলাৰ পুনিৰাম পাটৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,883 other subscribers

Leave a comment

Leave a Reply