অপহৃত দুই কুইপ'ৰ বিষয়া Credit: ফাইল ফটো

নিউজ ডেস্ক: কুইপ’ৰ দুই কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিক লৈ চলি থকা চৰ্চাৰ মাজতে শুকুৰবাৰে আলফাৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এক বিবৃতি।

এই বিবৃতি মতে যিকোনো মুহূৰ্তত চৰম শাস্তি দিব পাৰে অপহৃত ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক। কুইপ’ৰ কৰ্তৃপক্ষৰ সৈতে দুদিন ধৰি চলা আলোচনা ব্যৰ্থ হ’ল বুলি প্ৰকাশ কৰা হৈছে বিবৃতিটোত।

আলফাৰ বিবৃতি

আলফা(স্বা), এনএছচিএন আৰু জিপিআৰএনে আলোচনা ব্যৰ্থ হোৱাৰ পিছতেই দুই বিষয়াক চৰম শাস্তি দিয়াৰ সিদ্ধান্ত লোৱা বুলি জনাইছে সংগঠনটোৱে। লগতে ইয়াৰ বাবে কুইপ’, অইল আৰু চৰকাৰ দোষী হ’ব বুলি ঘোষণা কৰিছে সংগঠনকেইটাই। কুইপৰ দুই বিষয়াক যি কোনো মুহূৰ্তৰ চৰম শাস্তি দিয়াৰ ঘোষণা আলফাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply