গুৱাহাটীবাসীয়ে কেতিয়া পাব বিশুদ্ধ খোৱাপানীৰ সুবিধা

নিউজ ডেক্স:- চাঁওতে চাঁওতে পাৰ হ’ল আন এটা বৰ্ষ | বছৰৰ সামৰণিতো মহানগৰবাসীয়ে বিশুদ্ধ খোৱাপানী টোপাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে | ৰাজ্যৰ একমাত্ৰ মহানগৰ খনৰ ৰাইজক খোৱাপানী টোপা যোগাৰ কৰিব নোৱাৰিলে ৰাজ্য চৰকাৰে |

ইয়াৰ বিপৰীতে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰে গ্রহণ কৰা কেইবাখনো পানী যোগান আঁচনিৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে আৰু বাকী থকা প্রকল্পকেইটাৰ কাম অহা ২০২১ চনৰ ভিতৰত সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনত |

গুৱাহাটীবাসীয়ে কেতিয়া পাব বিশুদ্ধ খোৱাপানীৰ সুবিধা

গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কয় জিএম ডিএৰ দ্বাৰা ৰূপায়ণ কৰা দক্ষিণ–পশ্চিম গুৱাহাটী পানী যোগান আঁচনি যোৱা ৩০ নৱেম্বৰত উদ্বোধন কৰা হৈছিল৷ এই প্রকল্পৰ অধীনত কামাখ্যা অঞ্চলত ডিষ্ট্রিক মিটাৰিং এৰিয়া ১, ২, ৩ আৰু ৪ৰ মুঠ ১,৩০০ পৰিয়ালক পানী যোগান ধৰি থকা হৈছে৷ ইপিনে গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা পাণবজাৰ, হাতপুখুৰী আৰু কামাখ্যা পানী যোগান কেন্দ্রৰ পৰা দৈনিক ৪৫০ লিটাৰ পানী উৎপন্ন হয়৷ এই তিনিটা পানী শোধন কেন্দ্রৰ পৰা প্রায় ৩.৩০ লাখ উপভোক্তাক যোগান ধৰি থকা হৈছে৷

গুৱাহাটী জলব’ডৰ অধীনত জু–ৰোডস্থিত পানী যোগান আঁচনিৰ পৰা ৬৫৬২ সংযোজনৰ যোগেদি প্রায় ৬৪,০০০ লোকক পানী যোগান ধৰি থকা হৈছে৷ গুৱাহাটী উন্নয়ন বিভাগৰ অধীনত থকা দক্ষিণ–পশ্চিম গুৱাহাটী পানী যোগান আঁচনিৰ কাম ২০০৯ চনৰ ২৪ মার্চত আৰম্ভ কৰি ২০২১ চনৰ ২৯ ফেব্রুৱাৰীত সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ ইতিমধ্যে প্রকল্পটোৰ ৯৬.১০ শতাংশ কাম সম্পূর্ণ কৰা হৈছে ৷

গুৱাহাটীবাসীয়ে কেতিয়া পাব বিশুদ্ধ খোৱাপানীৰ সুবিধা

জিএমডিএৰ দ্বাৰা ৰূপায়ণ কৰা দক্ষিণ–পশ্চিম গুৱাহাটীৰ পানী যোগান প্রকল্পৰ বাবে ৩৪৯.৬৩ কোটি টকা ধার্য কৰা হৈছিল যদিও পৰৱর্তী সময়ত ৪০৭.৫২ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ জাইকা সাহায্যপ্রাপ্ত প্রকল্পৰ বাবে ১৪২৬.০০ কোটি টকা ধার্য কৰা হৈছে আৰু টকাৰ পৰিমাণ বৃদ্ধি কৰা হোৱা নাই৷ অৱশ্যে জাইকাই ৮৩ শতাংশ আৰু ৰাজ্য চৰকাৰে ১৭ শতাংশ বহন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

কংগ্ৰেছৰ তিনিটা কাৰ্যকালৰ পিছত বিজেপিৰো এটা কাৰ্যকাল সামৰণি পৰিল যদিও কিন্তু গুৱাহাটীবাসীয়ে আজিও নাপালে খোৱাপানীৰ সুবিধা |মন্ত্ৰীয়ে বহু কাম কৰাৰ তথ্য বিধানসভাৰ মজিয়াত দিলে যদিও আজিও গুৱাহাটীবাসীয়ে খোৱাপানী টোপাৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে কিয় তাৰ উত্তৰ নাই কাৰো হাতত |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply