গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজৱ সিদ্ধান্ত

গুৱাহাটী:- ৰাজ্যৰ উচ্চ শিক্ষাৰ পীঠস্থানস্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়া এক নিৰ্দেশনাক লৈ বিপাঙত পৰিছে শিক্ষাৰ্থীসকল । চলিত বৰ্ষৰ নামভৰ্তিৰ লগে লগে হোষ্টেলসমূহৰ নামভৰ্তি প্ৰক্ৰিয়াও আৰম্ভ হৈছে । অনলাইন যোগে চলি থকা এই প্ৰক্ৰিয়াত কৰ্তৃপক্ষই এইবাৰ নতুনকৈ সংযোজন ঘটাইছে ।

নিৰ্দেশনাটোত জনোৱা হৈছে ,এজন শিক্ষাৰ্থীয়ে নিজৰ শৈক্ষিক পাঠ্যক্ৰমটো একেটা হোষ্টেলতে থাকি থাকি সম্পূৰ্ণ কৰিব নোৱাৰিব । পৰৱৰ্তী বৰ্ষৰ নামভৰ্তিৰ সময়ত তেওঁক বেলেগ এটা আৱাসলৈ স্থানান্তৰিত হ’বলৈ বাধ্য কৰোৱা হ’ব পাৰে । অৰ্থাৎ দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়াসকলে দুবাৰকৈ আৰু ইন্ট্ৰিগেটেড্ পাঠ্যক্ৰম পঢ়াসকলে চাৰি-পাঁচবাৰ পৰ্যন্ত সলাই থাকিবলগীয়া হ’ব হোষ্টেল । এই আজৱ সিদ্ধান্তক লৈ জাঙুৰ খাই উঠিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply