বঙাইগাঁওঃ চিৰাং জিলাৰ শান্তিপুৰত নিবনুৱা যুৱক-যুৱতীক আত্ম সংস্থাপন দিয়াৰ লক্ষ্যৰে জিলাৰ সদৰ কাজলগাঁও অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠান (SBIRSETI= State Bank of India Rural Self employment Training Institute)ৰ উদ্যেগত আৰু ৰুণীখাটা শান্তিপুৰ সমবায় সমিতিৰ সহযোগত দহ দিনীয়া ডায়েৰী ফাৰ্ম আৰু পচন সাৰ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন ৷

চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক স্ব-নিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা প্ৰশিক্ষণ কাৰ্য্যসূচীত জিলাখনৰ ৩৫ গৰাকী যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰে ৷ নিজ ঘৰতে ডায়েৰী ফাৰ্ম আৰু পচন সাৰ তৈয়াৰ কৰি কেনেকৈ স্বাৱলম্বী হ’ব পাৰি এই দিশত পশু চিকিৎসক ডাঃ ইক্ৰামূল হক আৰু কাজলগাঁও ভাৰতীয় ষ্টিট বেংক গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালক পুতুল বসুমতাৰীয়ে প্ৰশিক্ষণ দিয়ে | ৷ সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্য্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক-যুৱতী সকলে নিজকে কৰ্মত আত্ম নিয়োগ কৰি আত্মনিৰ্ভৰ হ’ব পাৰিব বুলি আশা কৰা হৈছে ৷

এই উপলক্ষে কাজলগাঁও ভাৰতীয় ষ্টেট বেংক গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক পুতুল বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক-যুৱতী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে | সামৰণি এই অনুষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি কেনেদৰে উপকৃত হৈছে তাক অৱগত কৰে ৷ অনুষ্ঠানত চিৰাঙৰ লেড ডিষ্ট্ৰিক মেনেজাৰ বিধান ব্ৰহ্ম, নাবাৰ্ডৰ ডি ডি এম আলাৰাম দেউৰী সন্মানীয় অতিথিৰূপে উপস্থিত থাকি যুৱক- যুৱতী সকলে কেনেদৰে ডায়েৰী ফাৰ্ম স্থাপন কৰাৰ লগতে পচন সাৰ তৈয়াৰী কৰি স্বাৱলম্বী হ’ব পাৰিব তাৰ ওপৰত মন্তব্য ৰাখে ৷

ডায়েৰী ফাৰ্ম স্থাপন আৰু পচন সাৰ সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ ক্ষেত্ৰত প্ৰয়োজনত কেনেদৰে বেংকৰ পৰা ঋণ পাব পাৰে তাক বুজাই দিয়ে | চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অৱস্থিত এছ বি আই আৰ এছ ই টি আইৰ পৰা সময়ে সময়ে নিবনুৱা যুৱক- যুৱতী সকলৰ মাজত বিভিন্ন বিভাগৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰি আত্মনিৰ্ভৰশীলতাৰ আদৰ্শ দাঙি ধৰিছে | এই প্ৰশিক্ষণ গ্ৰহণ কৰি বহতো যুৱক যুৱতীয়ে ডায়েৰী ফাৰ্ম গঢ়ি তুলি নিজকে আত্ম নিৰ্ভৰশীল হৈ স্বাৱলম্বী হৈ উঠিব বুলি মত ব্যক্ত কৰে | সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে চিৰাঙৰ অৱসৰ প্ৰাপ্ত জিলা পশু চিকিৎসক ডাঃ ভৱেন দাস, ‘নীৰ’ ৰ প্ৰতিনিধি অৰুণ মিত্ৰ, ৰুণীখাটা-শান্তিপুৰ সমবায় সমিতি লিমিটেডৰ সভাপতি মহেন্দ্ৰ নাৰ্জাৰী, সম্পাদক দামোদৰ দাহাল সহ কেবাজনো অতিথি উপস্থিত থাকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,873 other subscribers

Leave a comment

Leave a Reply