Office opening of Raijor Dal

গুৱাহাটী- অসম জাতীয় পৰিষদৰ পিছতেই এইবাৰ ‘ৰাইজৰ দল’ সাজু হৈছে প্ৰথম খন জাতীয় অভিৱৰ্তনৰ বাবে | দেওবাৰে গুৱাহাটীত এই ঘোষণা কৰে দলটোৰ মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়াই | ৰাজ্যিক অভিবৰ্তন নতুন বছৰৰ জানুৱাৰীত মৰাণত অনুষ্ঠিত হব |৭,৮ আৰু ৯ জানুৱাৰীত অনুষ্ঠিত হব এই অভিৱৰ্তন।

গুৱাহাটীৰ মঠঘৰীয়াত ৰাইজৰ দলৰ পতাকাৰ লগতে নতুন কাৰ্যালয়ো আজি মুকলি কৰে | ফিটা কাটি কাৰ্যালয় মুকলি কৰিলে বিশিষ্ট চিত্ৰনিৰ্মাতা জাহ্নু বৰুৱাই। অনুষ্ঠানত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব | এতিয়াৰে পৰা ৰাইজৰ দলৰ নতুন কাৰ্যালয়ৰ ঠিকনা হ’ব – ঘৰ নং- ১, মডাৰ্ণ হাইস্কুলৰ ওচৰত, মঠঘৰীয়া, মাদাৰ টেৰেছা পথ , গুৱাহাটী |

উল্লেখ্য যে শণিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰে কাৰাগাৰৰ পৰাই ২০২১ত নিৰ্বাচন খেলিব কাৰাবন্দী কৃষক নেতা অখিল গগৈয়ে বুলি স্পষ্ট কৰি দিয়ে | যোৱা কিছু দিন ধৰি অসমৰ ৰাইজ বিভ্ৰান্ত হোৱাৰ বাবেই ইয়াক দুৰ কৰিবৰ বাবেই প্ৰকাশ কৰা বুলি জানিবলৈ দিয়ে | অখিল গগৈয়ে ২১ত ১০৮নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব যদি জেলৰ পৰা অখিল গগৈ নোলায় তেন্তে জেলৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হব বুলি স্পষ্ট কৰে কৃষক নেতা ধৈৰ্য কোঁৱৰে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,918 other subscribers

Leave a comment

Leave a Reply