যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন

নিউজ ডেস্ক: অষ্ট্ৰেলিয়াক ব্ৰিছবেনৰ গাব্বা ক্ৰিকেট গ্ৰাউন্ডত ৩২ বছৰৰ পিছত পৰাস্ত কৰি টেষ্ট শৃংখলা ২-১ ব্যবধানত জয়লাভ কৰে টীম ইন্ডিয়াই | চতুৰ্থ ইনিংচত ৩২৮ ৰানৰ লক্ষ্য আগত ৰাখি ভাৰতে দ্বিতীয় ইনিংচত ৰিছভ পন্টৰ অপৰাজিত ৮৯ ৰানৰ সহায়ত তিনি উইকেটত জয়লাভ কৰি চাৰিখনীয়া টেষ্ট শৃংখলা ২-১ ব্যবধানত জয়লাভ কৰে |

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংচত ৩৬৯ ৰান কৰাৰ বিপৰীতে দ্বিতীয় ইনিংচত ২৯৪ ৰান কৰিছিল | টীম ইন্ডিয়াই ৩৩৬ ৰান কৰাৰ বিপৰীতে দ্বিতীয় ইনিংচত ৭ উইকেটত ৩২৯ ৰান কৰি জয়ৰ লক্ষ্যত উপনীত হয় |

উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে চতুর্থ টেষ্টৰ দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰি নজিৰ সৃষ্টি কৰিছে উদীয়মান তাৰকা মহম্মদ চিৰাজে৷ আজি চতুর্থ দিনৰ খেলত প্রতিভাৱান বেগী বলাৰগৰাকীয়ে ৭৩ ৰানৰ বিনিময়ত ৫টা উইকেট দখলৰ কৃতিত্ব অর্জন কৰে৷ মন কৰিবলগীয়া যে ব্রিছবেনৰ ঐতিহাসিক গাব্বা ক্রিকেট গ্রাউণ্ডত পাঁচ বা ততোধিক উইকেট দখল কৰা তেওঁ হ’ল ভাৰতৰ পঞ্চমগৰাকী খেলুৱৈ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,884 other subscribers

Leave a comment

Leave a Reply