ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে বিত্তীয় অনিময়ৰ অভিযোগ

ডিব্ৰুগড়: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে ভালেমান দিনৰে পৰা চলি অহা বিত্তীয় অনিয়মক লৈ আন্দোলনত নামিছে বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীৰ লগতে ছাত্ৰ সমাজো | উপাচাৰ্য ৰঞ্জিত তামুলীৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক গোটে বিত্তীয় অনিময়ৰ অভিযোগ উত্থাপন কৰি বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাৱস্ত্য কৰে। বিশ্ববিদ্যালয়খনৰ ডীনকে ধৰি শ শ শিক্ষকে উপাচাৰ্য গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে বিশ্ববিদ্যালয়ৰ মূখ্যদ্বাৰত।

ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ উদ্যোগত প্ৰতিবাদকাৰীসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাজহুৱা পুঁজিৰ অপব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে। তেওঁলোকে এই সম্পৰ্কে অসম ৰাজ্যপাল গৰাকীলৈয়ো লিখিত আবেদন প্ৰেৰণ কৰে। পত্ৰখনত শিক্ষক সংস্থাটোৱে উপাচাৰ্য ৰঞ্জিত তামুলীক তেওঁৰ স্থিতি আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজহুৱা পুঁজিৰ অপব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে।

শিক্ষক সংস্থাটোৱে ৰাজ্যপাললৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰ খনত উল্লেখ কৰিছে যে, উপাচাৰ্য তামুলীয়ে ৰাজহুৱা পুঁজি অপব্যৱহাৰ কথা নাইকীয়া কৰিবলৈ ভুৱা তথ্য পাতিও দাখিল কৰিছে। ইয়াৰ লগতে সন্থাই অভিযোগ কৰে, উপাচাৰ্য গৰাকীয়ে ইউজিচিৰ পুঁজিৰো অপব্যৱহাৰ কৰি সেয়া খাৰিচ কৰিবলৈ বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগলৈ ভুৱা সামগ্ৰী ক্ৰয় কৰাৰ তথ্য দাখিল কৰিছে। প্ৰতিবাদীসকলে সমগ্ৰ বিষয়টো তদন্তৰ আওতালৈ আনিবৰ বাবে দাবী জনাইছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,884 other subscribers

Leave a comment

Leave a Reply