দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বি এছ এফৰ উদোগত জনহিতমুলক কাৰ্য্য

মানকাচৰ: সীমান্তত দিনে নিশাই কৰ্তব্যত নিয়োজিত সীমান্তৰক্ষী বাহিনীয়ে অকল দেশৰ ৰক্ষাৰ কৰাৰ কামতে ব্যস্ত নাথাকে, জনহিতমুলক কাৰ্য্যতো সীমান্তৰক্ষী বাহিনীয়ে সীমান্তত বসবাস কৰা সৰ্বসাধাৰণ ৰাইজক সহায় সহযোগ কৰি আহিছে।

সীমান্তবাসী ৰাইজৰ লগত সুসম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্যৰে সীমান্তবাসী ৰাইজক বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰি সীমান্তবাসী ৰাইজৰ বুকুৰ কুটুম হৈ পৰিছে।

দক্ষিণ শালমাৰা- মানকাচৰ জিলাত ৬ নং বি এন বি এছ এফৰ উদোগত গুদলি গাৱত দুদিনীয়াকৈ ছিভিক এক্সশ্যান কাৰ্যসূচী হাতত লয়।

এই কাৰ্যসূচীৰ জৰিয়তে দৰিদ্ৰ মহিলা পুৰুষ, শিশুক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া কৈ ঔষধ বিতৰণ কৰাৰ লগতে, কম্বল,আঠুৱা বিতৰণ কৰে। তদুপৰি সীমান্ত অঞ্চলৰ বিভিন্ন স্কুলৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুল বেগ,টিফিন বক্স,খেল ধেমালিৰ সামগ্ৰী বিতৰণ কৰে।

ইয়াৰ লগত সংগতি ৰাখি ৬ নং বি এন, বি এছ এফৰ কামান্ডিং অফিচাৰ এম আৰ মীনাই সঞ্জন সাধু বৰ্ডাৰ আউট পোষ্টৰ বি এছ এফ ছাউনীৰ সমীপত থকা খেল পথাৰ প্ৰাংগণত উপস্থিত হৈ বিনামূলীয়া চিকিৎসা শিবিৰৰ মুকলি কৰে। স্থানীয় স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ দেশভক্তি মুলক গীত নৃত্য প্ৰদৰ্শণ কৰে । উক্ত চিকিৎসা শিবিৰত ডেৰ সহস্ৰাধিক মহিলা পুৰুষ শিশু বিনামূলীয়া কৈ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া কৈ ঔষধ লাভ কৰে। উক্ত চিকিৎসা শিবিৰত উপ কামান্ডাৰ চি আৰ মৌজা, ডা অভজয় তিৱাৰী সহ বিভিন্ন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, গাঁও পঞ্চায়ত প্ৰতিনিধি প্ৰমুখ্যে বহুজন ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply