দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সাংবাদিক মনদীপ পুনিয়াক জামিন

নিউজ ডেস্ক: দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ফ্ৰীলান্স সাংবাদিক মনদীপ পুনিয়াক অবশেষত মুক্তি দিলে ন্যায়ালয়ে | কৃষক আন্দোলনৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত সাংবাদিক গৰাকীক দিল্লী আৰক্ষীয়ে সিংঘু সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল |

আৰক্ষীয়ে সাংবাদিক গৰাকীয়ে কৃষক সকলক উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰিছিল | মুখ্য মেট্ৰপলিটান ন্যায়াধীশ সতবীৰ সিং লাম্বাৰ মতে সাংবাদিক গৰাকীৰ বিৰুদ্ধে যি অভিযোগ অনা হৈছে সেইয়া কেবল আৰক্ষীৰ ফালৰ পৰাহে অনা হৈছে , তাৰ কোনো প্ৰমানিত তথ্য নাই |

সেই ঘটনাৰ কোনো সাক্ষীও নাই | আৰক্ষীয়ে যোৱা শুকুৰবাৰে পুনীয়াৰ বিপক্ষে ভাৰতীয় দন্ডবিধি আইনৰ ১৮৬/৩৫৩/৩৩২ ধাৰা মতে এক গোচৰ পঞ্জীয়ন কৰিছিল | ন্যায়ালয়ে জামিন মঞ্জুৰ কৰি দিয়া আদেশত সাংবাদিকগৰাকীক দেশ এৰি নাযাবলৈ নিৰ্দেশ জাৰি কৰে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply