বটদ্ৰৱা – নগাঁও জিলাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। বটদ্ৰৱাৰ ছালনাবড়িত দিনৰ পোহৰতে সংঘটিত ডকাইতি কাণ্ড। চোকা অস্ত্ৰৰে আঘাত কৰি ডকাইতৰ দলে লুটি নিলে ৫০ হাজাৰ টকা।
নগাঁও জিলাত সোমবাৰে পুনৰ দিনৰ পোহৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। বটদ্ৰৱাৰ ছালনাবড়িত আশা মাইক্ৰ ফাইনেঞ্চৰ মেনেজাৰক ডকাইতৰ দলে চোকা অস্ত্ৰৰে আঘাত কৰি লুটি নিয়ে ধন। ধিং থানাৰ এলেকাধীন আহোম গাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ছালনাবড়ি গাঁৱৰ পৰা মাইক্ৰ ফাইনেঞ্চৰ মেনেজাৰজনে গাঁৱৰ পৰা কিস্তিৰ টকা সংগ্ৰহ কৰি ধিংলৈ গৈ থকা অৱস্থাত এখন মটৰ চাইকেলেৰে তিনি জনীয়া এটা ডকাইতৰ দলে মেনেজাৰজনক বাট আগুচি ধৰি চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি নগদ ৫০ হাজাৰ টকা লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ থকা বেগখন কাঢ়ি নিয়ে।
আহোমগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সংক্রান্তত তদন্ত আৰম্ভ কৰাৰ লগতে ডকাইতৰ আক্ৰমণত আহত হোৱা মেনেজাৰজনক চিকিৎসা বাবে চিকিৎসলায়লৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে বিগত কিছুদিন ধৰি নগাঁও জিলাৰ বিভিন্ন অঞ্চলত কেইবাটাও চুৰি আৰু ডকাইতিৰ ঘটনা সংঘটিত হৈছে।