মুকলি কৰা হ'ল কামাখ্য় মন্দিৰৰ সোণৰ গম্বুজ

গুৱাহাটী– নিলাচলৰ বুকুত জিলিকিল সোণৰ কলচী। আজি মুকলি কৰা হ’ল কামাখ্য় মন্দিৰৰ সোণৰ গম্বুজ। এতিয়াৰে পৰা ন-ৰূপত দৰ্শন কৰিব পাৰিব মা-কামাখ্য় মন্দিৰ। এই গম্বুজত আছে ৩ তৰপীয়া সোনৰ কলহ ।কামাখ্যা মন্দিৰৰ এই ১৯ কেজি সোন দান কৰিছে দেশৰ উদ্যোগপতি মুকেশ আম্বানীয়ে ।

মা-কামাখ্য়ৰ পূৰ্বৰ কলচীত সোণৰ প্ৰলেপ দিয়া হৈছে। এই কাৰ্য ছেপ্তেম্বৰৰ মাজভাগৰ পৰা আৰম্ভ কৰা হৈছিল।এই সোনৰ গম্বুজ নিৰ্মানৰ কাম ৰিলায়েন্সৰ অলংকাৰ বনোৱা কাৰিকৰে নিৰ্মান কৰি উলিয়াই ।

আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ প্ৰতিনিধিসকল আহি পূজা-অৰ্চনা কৰি আনুষ্ঠানিক ভাৱে মুকলি কৰে সোণৰ কলচী।

এতিয়াৰে দৰ্শনাৰ্থী সকলে মা-কামাখ্য় মন্দিৰৰ এই ন-ৰূপ দেখিবলৈ পাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,282 other subscribers

Leave a comment

Leave a Reply