গুৱাহাটী: পথ দুৰ্ঘটনাক লৈ কেন্দ্ৰীয় পথ পৰিবহন তথা ৰাজপথ মন্ত্ৰালয়ে কেতবোৰ জৰুৰী নিৰ্দেশ দি আহিছে যদিও কাৰ্যক্ষেত্ৰত হৈ উঠাগৈ নাই |
দেশত প্ৰতি ৪ মিনিটত এজনকৈ লোকৰ পথ দূৰ্ঘটনাত মৃত্যু হয় |দুৰ্ঘটনাৰ অন্যতম কাৰক হিচাবে বিবেচিত হৈছে তীব্ৰ গতিবেগ | উচ্চতম ন্যায়ালয়েও গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবৰ বাবে নিৰ্দেশ দিছে যদিও আজিও এই ক্ষেত্ৰত পূৰ্ণতা পোৱা নাই |
পথ দুৰ্ঘটনা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ তথা ৰাজপথ মন্ত্ৰালয়ে বহু বছৰৰ আগতেই লৈছিল গুৰুত্বপূৰ্ণ পদক্ষেপ।গাড়ী সমূহত গতি সীমিত কৰাৰ যন্ত্ৰ লগোৱাতো বাধ্যতামূলক কৰিছিল | অসমত ২০১৯ চনৰ ২৩ ডিচেম্বৰতে এই আঁচনিৰ কাম আৰম্ভ কৰিছিল যদিও ৰাজ্যত এতিয়ালৈকে মাত্ৰ ১৬০০ বাহনত হে গতি সীমিত যন্ত্ৰৰ সংযোজন হৈছে। মহানগৰীৰ ISBT স্থিত ফিটমেণ্ট চেণ্টাৰৰ জৰিয়তে এই যন্ত্ৰ সমূহ সংযোজন কৰা হৈছে । যোৱা সময়চোৱাত গতি সীমিত যন্ত্ৰ লগোৱাৰ নামত প্ৰশাসনৰ ফালৰ পৰা বিশেষ গুৰুত্ব নিদিয়াৰ বাবেই এই আঁচনিয়ে সফলতা লাভ কৰা নাই |